নিয়মীয়া বাৰ্তা, ১৪ জুনঃ বলীউদৰ যুৱ অভিনেতা সুশান্ত ৰাজপুতৰ আত্মহত্যাৰ খবৰ সকলোৰে জ্ঞাত। কিন্তু এই খবৰৰ মাজতে এটা খবৰে মৰ্মাহত কৰি তুলিছে সকলোকে।
জানিব পৰা মতে, সুশান্ত ৰাজপুতৰ আত্মহত্যাৰ খবৰ শুনি হতচকিত হৈ পৰিছিল প্ৰাক্তন প্ৰেমিকা অংকিতা লোখাণ্ডে। বলীউডৰ ষ্টাৰগৰাকীৰ আত্মহত্যাৰ খন্তেক পিছতে অংকিতাৰ মতামত বিচাৰি ফোন কৰিছিল এটা টিভি চেনেলৰ সাংবাদিকে। ঘটনাৰ বিষয়ে তেতিয়াও খবৰ নোপোৱা অংকিতাই ফোনকল ৰিচিভ কৰি হতচকিত হৈ পৰিছিল। সাংবাদিকগৰাকীয়ে শুনা পাইছিল মাত্ৰ এটাই শব্দ…. কি?
ফোন থৈ দিছিল অংকিতাই। যথেষ্ট উদ্বেগজনক দুঃসংবাদ এটাৰ পমখেদা সাংবাদিকগৰাকীৰ মতে সেই মুহূৰ্তৰ বৰ্ণনা শব্দ বা ভাষাৰে দিয়াটো অসম্ভৱ।
উল্লেখ্য জী টিভিৰ ছিৰিয়েল ‘পৱিত্ৰ ৰিস্তা’ত সুশান্ত আৰু অংকিতাই মুখ্য ভূমিকাত অভিনয় কৰিছিল। এই যুটি আছিল ছিৰিয়েল জগতৰ এক বুৰঞ্জী। দুয়োৰে অভিনয় কলাই বহু দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ছিৰিয়েলৰ অভিনয়ৰ মাজেৰে পৰিচিত দুয়োজনৰে পিছলৈ ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল। এই সম্পৰ্ক সুশান্ত ৰাজপুতে বলীউদ জগতৰ ফালে ধাৱমান হোৱাৰ পিছত কিছু স্তিমিত হৈ পিছলৈ শেষ হৈ গৈছিল। পৱিত্ৰ ৰিস্তাৰে জনপ্ৰিয়তাৰ শীৰ্ষলৈ অহা ৰাজপুতক মহেন্দ্ৰ সিং ধোনীৰ বায়োপিক ছবি ‘ধোনিঃ দ্য আনটোল্ড ষ্টোৰী’য়ে এক বিশেষ আসন দিছিল। আজি জীৱনৰে ৰিস্তা শেষ কৰি ৰাজপুতে সকলোকে মৰ্মাহত কৰিলে।