বিশ্বজুৰি ক’ভিড–১৯ৰ সংক্রমণৰ পৰা মুক্ত হ’ল ৪০ লক্ষাধিক ৰোগী
নিয়মীয়া বাৰ্তা ১৫ জুনঃ বিশ্বজুৰি ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰী সংক্রমিত প্রায় আধাসংখ্যক লোক ইতিমধ্যে আৰোগ্য হৈ উঠিছে৷ আমেৰিকাৰ জ’নছ হপকিনছ বিশ্ববিদ্যালয়ৰ পৰা সদৰী কৰা হৈছে এই তথ্য৷ বিশ্ববিদ্যালয়খনৰ পৰা সদৰী হোৱা তথ্য অনুসৰি সংক্রমিত লোক আৰোগ্য হোৱাৰ তালিকাত ষষ্ঠ স্থানত আছে ভাৰত৷ এইক্ষেত্রত অধিকসংখ্যক লোক আৰোগ্য হোৱা দেশ হিচাপে চিহ্ণিত হৈছে জার্মানী৷ জার্মানীৰ পাছতে এই তালিকাত স্থান লাভ কৰিছে ইটালী, ৰাছিয়া, ব্রাজিল আৰু আমেৰিকা৷ কালি সন্ধিয়ালৈকে বিশ্বজুৰি ৭৮,০২,৮৬০গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰ ভিতৰত ৪০,০৩,১৩২গৰাকী আৰোগ্য হৈ হাস্পতালৰ পৰা ঘৰলৈ গৈছে৷ লক্ষণীয়ভাৱে মাৰাত্মক ভাইৰাছবিধত সংক্রমিত হৈ বিশ্বজুৰি প্রাণ হেৰুৱাইছে ৪,৩০,০১২ গৰাকী লোক৷ শেহতীয়াকৈ ব্রাজিলকে ধৰি লেটিন আমেৰিকাৰ দেশসমূহত ক’ভিড–১৯ত সংক্রমিত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ এছিয়াৰ দেশ ভাৰত–পাকিস্তান আদিতো এই ভাইৰাছবিধৰ সংক্রমণ অধিক দ্রুত হৈ পৰিছে৷ সমগ্র বিশ্বত বর্তমান চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীৰ সংখ্যা ৩৩.৬৯ লাখ৷ ইয়াৰ ভিতৰত ৯৮ শতাংশই হৈছে সাধাৰণভাৱে আক্রান্ত৷ গতিকে গুৰুতৰভাৱে অসুস্থ লোকৰ সংখ্যাও যথেষ্ট হ্রাস পাইছে বিশ্বত৷ জ’নছ হপকিনছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি কেইখনমান দেশত সংক্রমিত লোকৰ সংখ্যা ১৫ দিনৰ ভিতৰত দুগুণলৈ বৃদ্ধি পাব৷