নিয়মীয়া বাৰ্তা ১৬ জুনঃ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বিশেষ তৎপৰতাত যোৱা ২৭ জানুৱাৰীত ঐতিহাসিক বিটিআৰ চুক্তি সম্পাদিত হয়৷ এবছুকে ধৰি পৃথক বড়োলেণ্ডৰ দাবীত দীর্ঘকালজুৰি সশস্ত্র কার্যকলাপ চলাই অহা এনডিএফবিৰ চাৰিওটা গোটে পৃথক ৰাজ্যৰ দাবী পৰিহাৰ কৰি সেই শান্তি চুক্তিত স্বাক্ষৰ কৰে৷ ইয়াৰ লগে লগে অসম বিভাজনৰ দাবীৰ পৰা তেওঁলোক আঁতৰি অহাৰ লগতে বড়োভূমিত বছৰৰ পিছত বছৰ ধৰি চলি অহা ৰক্তক্ষয়ী পৰিৱেশৰ অৱসান ঘটিব বুলি সকলোৱে আশা প্রকাশ কৰে৷ পিছে শেহতীয়াকৈ এবছুৰ প্রাক্তন সভাপতি তথা কোকৰাঝাৰৰ প্রাক্তন সাংসদ চাঞ্চুমা খুংগুৰ বিছমুতিয়াৰীয়ে বিটিআৰ চুক্তিক অগ্রাহ্য কৰি পুনৰ পৃথক বড়োলেণ্ডৰ দাবী উত্থাপন কৰি অঞ্চলটোত পুনৰ সংঘাতৰ নতুন অধ্যায় সূচনা কৰাৰ দিশে অগ্রসৰ হোৱা পৰিলক্ষিত হৈছে৷ এবছুৰ প্রাক্তন কিছু নেতা, সদস্য, সমর্থক আৰু বড়ো জনগোষ্ঠীৰ প্রতিনিধিক লৈ বড়ো চিভিল ছ’চাইটীৰ বেনাৰত বিছমুতিয়াৰীয়ে এইবাৰ পৃথক বড়োলেণ্ডৰ দাবী উত্থাপন কৰিছে৷ এই সম্পর্কত যোৱা ১৩ জুনত বিছমুতিয়াৰীয়ে কোকৰাঝাৰৰ উপায়ুক্তৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহলৈ সুকীয়াকৈ দুখন স্মাৰক–পত্র প্রেৰণ কৰিছে৷ স্মাৰক–পত্রত বিগত ৫০ বছৰীয়া পৃথক বড়োলেণ্ড সম্পর্কত বড়ো চিভিল ছ’চাইটীৰ সৈতে অতি সোনকালে নতুনকৈ ৰাজনৈতিক আলোচনা অনুষ্ঠিত কৰাৰ দাবী জনায়৷ এই সম্পর্কত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে যোৱা ২৭ জানুৱাৰীত এবছু, এনডিএফবিৰ চাৰিওটা গোট আৰু ইউবিপি’ই যি বিটিআৰ চুক্তি কৰিছে, সেই চুক্তি কৰাৰ পূর্বে তেওঁলোকে কোনো চিভিল ছ’চাইটী, জ্যেষ্ঠ ব্যক্তিৰ সৈতে কোনো কথা–বতৰা পতা নাছিল, পৰামর্শ লোৱা নাছিল৷ পৃথক বড়োলেণ্ডৰ ৫০ বছৰীয়া নায্য দাবীটো প্রমোদ বড়োৱেই হওক বা আন কোনোবাই হওক, আপোচ কৰিব নোৱাৰে৷ পৃথক বড়োলেণ্ডৰ দাবী আপোচ কৰা কার্যক তেওঁ কঠোৰ ভাষাৰে নিন্দা কৰে৷ বিছমুতিয়াৰীৰ সেই পদক্ষেপৰ পিছতেই বড়োভূমিত পুনৰ সংঘাতৰ ৰাজনীতিয়ে মূৰ দাঙি উঠিছে৷ এই সম্পর্কত এবছুৰ প্রাক্তন সভাপতি তথা ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে তীব্র প্রতিক্রিয়া ব্যক্ত কৰি কয় যে চাঞ্চুমা খুংগুৰ বিছমুতিয়াৰীয়ে ১৯৯৩ চনতেই পৃথক বড়োলেণ্ডৰ দাবী পৰিহাৰ কৰি বিএচি চুক্তিত স্বাক্ষৰ কৰিছিল৷ ১৯৯৩ৰ ২০ ফেব্রুৱাৰীত স্বাক্ষৰিত বিএচি চুক্তিত কোনো সাংবিধানিক ব্যৱস্থাও নাছিল৷ ২০০৩ চনত স্বাক্ষৰিত বিটিচি চুক্তিৰ সময়তো পৃথক বড়োলেণ্ডৰ দাবী পৰিহাৰ কৰা হৈছিল৷ তেতিয়াও তেওঁৰ কোনো প্রতিক্রিয়া নাছিল৷ এতিয়া তেওঁ জনসাধাৰণক বিভ্রান্ত কৰিবলৈ পুনৰ পৃথক বড়োলেণ্ডৰ প্রসংগ উত্থাপন কৰিছে৷ সাম্প্রতিক সময়ত তেওঁৰ এনে বক্তব্যৰ কোনো প্রাসংগিকতা নাই৷ এই সময়ত বিটিআৰ চুক্তি আখৰে আখৰে ৰূপায়ণ কৰি অঞ্চলটোৰ সামগ্রিক উন্নয়ন সাধন, এনডিএফবিৰ যিসকল নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে সেইসমূহ প্রত্যাহাৰ কৰা, কেডাৰসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা আৰু কাৰাৰুদ্ধসকলক মুকলি কৰি অনাটোহে সময়ৰ আহ্বান৷ বিছমুতিয়াৰীৰ বক্তব্যত জনসাধাৰণ বিভ্রান্ত নহয়৷ আনহাতে বিছমুতিয়াৰীয়ে ৰাজ্যখনত সমষ্টি পুনর্গঠনৰ প্রসংগত কয় যে প্রস্তাৱিত খচৰাত বিটিচি অঞ্চলত কোকৰাঝাৰ আৰু ওদালগুৰি দুটা লোকসভা গঠন কৰা হৈছে৷ দুয়োটা লোকসভাই সাধাৰণ শ্রেণীৰ বাবে নির্ধাৰণ কৰা হৈছে৷ একেদৰে বিটিচি অঞ্চলত থকা ১৪টা বিধানসভা সমষ্টিৰ ভিতৰত ৬টা সমষ্টিহে জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে৷ কিন্তু সংবিধানৰ ৩৩০ দফা অনুসৰি ষষ্ঠ অনুসূচীৰ অধীনস্থ লোকসভা আৰু বিধানসভা সমষ্টিসমূহ সম্পূর্ণৰূপে জনজাতিৰ বাবে সংৰক্ষিত হ’ব লাগে৷ ইয়াৰ দ্বাৰা সমষ্টি পুনর্গঠনৰ নামত ষষ্ঠ অনুসূচীৰ মর্যাদা উলংঘা কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে৷