নিয়মীয়া বাৰ্তা ১৬ জুনঃ অসম আৰক্ষী আৰু সেনাৰ অভিযানত এনডিএফবি সংবিজিত গোটৰ এজন দুর্ধর্ষ সদস্য আটক হয়৷ উল্লেখ্য যে প্রায় ছবছৰ পূর্বে ২০১৪ৰ ২৩ ডিচেম্বৰত ৰাজ্যখনত এন ডি এফ বি সংবিজিত গোটে চলোৱা নৰসংহাৰৰ স’তে জড়িত থকাৰ অভিযোগত দুর্ধর্ষ উগ্রপন্থী সদস্য শিৱ বসুমতাৰী ওৰফে চৌমখৌৰক যোৱানিশা গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনীয়ে৷ গোপন সূত্রৰ তথ্যৰ ভিত্তিত সেনাৰ চতুর্থ ক’ৰ, শোণিতপুৰ আৰক্ষী আৰু চি আৰ পি এফ ৩০ নং বেটেলিয়নৰ সন্মিলিত অভিযানত যোৱানিশা মিছামাৰীৰ ড’লপাৰাৰ পৰা গ্রেপ্তাৰ হয় দুর্ধর্ষ সদস্যজন৷ ৮৫জনকৈ আদিবাসী লোকক হত্যাৰ লোমহর্ষক ঘটনাৰ ম’ষ্ট ৱাণ্টেড উগ্রপন্থী সদস্য বসুমতাৰীৰ পৰা এটা ৭.৬৬ পিষ্টল আৰু এটা হেণ্ড গ্রেনেড জব্দ কৰিছে অভিযানকাৰী বাহিনীয়ে৷ ৰঙাপৰাৰ দীপাঞ্জলি অঞ্চলৰ বাসিন্দা এইজন উগ্রপন্থী সদস্যক ২০১৪ৰ গণহত্যাৰ গোচৰৰ তদন্তকাৰী সংস্থা নিয়াও সন্ধান কৰি আছিল৷
সোমবাৰে তেজপুৰস্থিত শোণিতপুৰ আৰক্ষী অধীক্ষকৰ কার্যালয় চৌহদত সংবাদ মাধ্যমৰ আগত উগ্রপন্থী সদস্যজনৰ লগতে জব্দ হোৱা অস্ত্র–শস্ত্রসমূহ প্রদর্শন কৰাৰ লগতে এই সন্দর্ভত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতাই কয় যে মিছামাৰীত আত্মগোপন কৰি থকা উগ্রপন্থী সদস্যজনে শোণিতপুৰৰ লগতে উত্তৰ অসমৰ একাধিক অঞ্চলত ধন দাবী কৰি আহিছিল৷ আনহাতে, গ্রেপ্তাৰ হোৱা উগ্রপন্থী বসুমতাৰীয়ে ২০১৪ৰ গণহত্যাৰে জডিত নহয় বুলি সংবাদ মাধ্যমৰ আগত কয় যে সেই সময়ত তেওঁ কাৰাৰুদ্ধ হৈ আছিল৷ তদুপৰি, সোমবাৰে প্রদর্শিত অস্ত্র–শস্ত্রও তেতিয়াই তেওঁ জমা দিছিল বুলি মন্তব্য কৰি বর্তমান সেনাই তেওঁক গ্রেপ্তাৰৰ নতুনকৈ নাটক কৰা বুলিও অভিযোগ কৰে৷ আনহাতে বর্তমান আৰক্ষীৰ জিম্মাত থকা উগ্রপন্থী সদস্যজনক অধিক জেৰা কৰা হ’ব বুলি প্রকাশ কৰি আৰক্ষীয়ে বর্তমান তেওঁৰ স’তে আৰু কোন জড়িত আছে তাৰ অনুসন্ধান অব্যাহত আছে৷