নিয়মীয়া বাৰ্তা ১৬ জুনঃ নলবাৰী জিলাৰ ঘগ্রাপাৰৰ এজন যুৱকৰ শৰীৰত পুনৰ ক’ভিড–১৯ ধৰা পৰাত সমগ্র অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, ঘগ্রাপাৰ ৰাজহ চক্রৰ অন্তর্গত কুঁৱৰীকুছি গাঁৱৰ ৰঞ্জিত ডেকা আৰু কণিকা ডেকাৰ পুত্র মৃগেন ডেকাই গুৱাহাটী পাণবজাৰস্থিত ডি জৈন ফার্মাত কাম কৰি আছিল৷ চাৰি দিন আগতে গুৱাহাটীতে ‘ ছোৱাব’ পৰীক্ষা কৰি আহি সোমবাৰে তিনি দিন ধৰি গ্রাপাৰ কুঁৱৰীকুছিৰ নিজ ঘৰতে আছিল৷ কালি মৃগেনৰ দেহত ক’ভিড–১৯ ধৰা পৰাৰ পিছতে গ্রাপাৰ খণ্ড প্রাথমিক চিকিৎসা কেন্দ্রক অৱগত কৰে৷ খবৰটো পোৱাৰ লগে লগে চিকিৎসালয় কর্তৃপক্ষই ১০৮ সেৱাৰে দেওবাৰে সন্ধিয়া নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ক’ভিড–১৯ চিকিৎসালয়লৈ প্রেৰণ কৰে৷ ইতিমধ্যে মৃগেনৰ দেহত ক’ভিড–১৯ পজিটিভ ধৰা পৰা খবৰে নলবাৰী জিলাৰ লগতে বৃহত্তৰ ঘগ্রাপাৰ অঞ্চলৰ ৰাইজৰ মাজত আংতকৰ পৰিৱেশ সৃষ্টি হৈছে৷ উল্লেখ্য যে ক’ৰোনা আক্রান্ত যুৱক মৃগেনৰ মাতৃ কনিকা ডেকা এগৰাকী আশাকর্মী হোৱা হেতুকে মাতৃৰ সংস্পর্শলৈ আহিছিল গর্ভৱতী মহিলা তথা ওচৰ–চুবুৰীয়া৷ দেওবাৰে মাতৃ কনিকাই চুবুৰীয়া এঘৰৰ মাংগলিক অনুষ্ঠান এটিতো ভাগ লৈছিল৷ আনহাতে মৃগেন ডেকাই গুৱাহাটীৰ পৰা আহি এখন চেলুনত চুলি কটোৱাই অঞ্চলৰটো বিভিন্ন স্থানত ঘূৰি ফুৰাৰ তথ্য পোহৰলৈ আহিছে৷ যুৱকজনৰ সংস্পর্শলৈ অহা পিতৃ–মাতৃৰ উপৰি ভগ্নী সংগীত ডেকা, কুঁৱৰীকুছি গাঁৱৰ কবিতা ডেকা, নিপেন ডেকা, মাতৃ তথা আশা কর্মীৰ সংস্পর্শলৈ অহা গর্ভৱতী মহিলা চেলুনৰ নাপিত আমৰা গাঁৱৰ ৰমেন বেজবৰুৱা, কঠোৰাৰ লাবণ্য কলিতা, নয়নজ্যোতি কলিতা, হিমাংশু পাটোৱাৰী, দীপক কলিতা, কমলেশ্বৰ কলিতা, প্রভাত পাটোৱাৰী, মধুৰাম কলিতা, জয়ন্ত কলিতা, সর্বেশ্বৰ পাটোৱাৰী, নাৰপাৰাৰ কমলেশ্বৰ কলিতা, নয়ন তালুকদাৰ, কল্লজ্যোতি কলিতা, জয়ন্ত কলিতা আদিৰ সংস্পর্শলৈ আহিছিল বুলি জানিব পৰা গৈছে৷ ঘগ্রাপাৰ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রৰ চিকিৎসক ডাঃ পাৰবিন চুলতানাৰ নেতৃত্বত যোৱা এটি চিকিৎসা কর্মীৰ দলে ৩০টা পৰিয়ালক হোম কোৱাৰেণ্টাইন কৰাৰ পৰামর্শ দিয়াৰ উপৰি ২৫গৰাকীক ‘ছৱাব’ পৰীক্ষা কৰিছে৷ ইয়াকে লৈ কুঁৱৰিকুছি, কঠোৰা, নাৰপাৰা, দতৰা, আমৰা আদি গাঁৱত আতংকই বিৰাজ কৰিছে৷ অৱশ্যে ঘগ্রাপাৰ স্বাস্থ্য কেন্দ্রৰ চিকিৎসক, ৰাজহ চক্র বিষয়া নন্দিতা হাজৰিকা, ঘগ্রাপাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে অঞ্চলটোৰ জনসাধাৰণক শংকিত নহ’বলৈ আহ্বান জনাইছে৷
Prev Post
You might also like