ক’ৰোনাৰে যুঁজৰ মাজতে অর্থনীতিৰ সেউজ অংকুৰণঃ মোদী
অসমকে ধৰি ২১ ৰাজ্যৰ মুখ্যমন্ত্রীৰে ভিডিঅ' কনফাৰেঞ্চ
নিয়মীয়া বাৰ্তা ১৭ জুনঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধ ফলপ্রসূ হৈছে আৰু ভাৰতত মৃত্যুৰ হাৰ সীমিত কৰি ৰাখিব পৰাটো হ’ল এক উল্লেখযোগ্য সাফল্য৷ ২১খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্রী আৰু লেফটেনেণ্ট গৱর্নৰসকলৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেঞ্চত মঙলবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই মন্তব্য কৰে৷ ‘আমাৰ বাবে এজনো ভাৰতীয়ৰ মৃত্যু হোৱাটো সহজভাৱে ল’ব পৰা কথা নহয়৷ কিন্তু এইটো কথাও সঁচা যে যিকেইখন দেশত তুলনামূলকভাৱে মৃত্যুৰ হাৰ কম, তাৰ ভিতৰত ভাৰতো আছে৷’ –ক’ভিড–১৯ৰ সংক্রমণৰ পাছত এয়া হ’ল মুখ্যমন্ত্রীসকলৰ সৈতে মোদীৰ ষষ্ঠখন ভিডিঅ’ কনফাৰেঞ্চ৷ তেওঁ কয় যে আনলক–১ৰ জৰিয়তে ভাৰতলৈ ক্রমাৎ স্বাভাৱিক জীৱন ঘূৰি আহিছে৷ সকলোৱে সতর্কতামূলক ব্যৱস্থাসমূহ মানি চলিলে কম ক্ষয়–ক্ষতিৰে এই যুদ্ধৰ অৱসান ঘটোৱাটো সম্ভৱ হ’ব৷ ভৱিষ্যতে যেতিয়া ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধৰ পর্যালোচনা কৰা হয়, তেতিয়া সকলোৱে আমাৰ সংঘবদ্ধ প্রচেষ্টাৰ লগতে সহযোগিতামূলক যুক্তৰাষ্ট্রৰ উদাহৰণ অনুভৱ কৰিব পাৰিব৷ তেওঁ লগতে উল্লেখ কৰে যে বিশাল জনসংখ্যাৰ দেশ হোৱা সত্ত্বেও ভাৰতে মৃত্যুৰ হাৰ সীমিত কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি ভাৰতত ৫০ শতাংশ ৰোগী সুস্থ হৈ উঠিছে৷ সমগ্র বিশ্বতে এই দিশটো আলোচনালৈ আহিছে৷ তেওঁ কয় যে ৰাজ্যসমূহে যিমানেই সতর্কতামূলক ব্যৱস্থা হাতত ল’ব, সিমানেই তেওঁলোক ক’ভিড–১৯ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সামর্থৱান হ’ব আৰু ইয়ে অর্থনৈতিক পুনৰুত্থানৰ অধিক সুযোগ সৃষ্টি কৰিব৷ প্রধানমন্ত্রী মোদীৰ মতে, ইতিমধ্যে দেশত অর্থনৈতিক পুনৰুদ্ধাৰৰ সেউজ অংকুৰণ প্রত্যক্ষ কৰা হৈছে৷ অর্থনৈতিক দিশত আগন্তুক কেইটামান দিনত অধিক যোগাত্মক খবৰ আহিব বুলি তেওঁ আশ্বাস দিয়ে৷ লাডাখত সংঘাতে জটিল ৰূপ লোৱাৰ সময়তে প্রধানমন্ত্রীয়ে পূর্বনির্ধাৰিত সূচী মতে ভিডিঅ কনফাৰেঞ্চত অংশ লয়৷ অসম–পঞ্জাব–উত্তৰ আন সকলো ৰাজ্যৰ লগতে মুঠ ২১খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্রী আৰু লেঃ গৱর্নৰসকলে ভিডি’ কনফাৰেঞ্চত অংশ লয়৷ কাইলৈ সর্বাধিক আক্রান্ত ৰাজ্যৰ মুখ্যমন্ত্রীয়ে ভিডিঅ’ কনফাৰেঞ্চ অনুষ্ঠিত কৰিব মোদীৰে৷ ইয়াৰ ভিতৰত আছে মহাৰাষ্ট্রৰ, গুজৰাট, তামিলনাডু, দিল্লী আদি৷