নিয়মীয়া বাৰ্তা, ১৭ জুনঃ ক’ভিড–১৯ৰ আতংকৰ মাজতে চোৰাং সৰবৰাহকাৰী চক্রই গুৱাহাটীৰ মাজেৰে বিভিন্ন ধৰণৰ চোৰাং সামগ্রী সৰবৰাহ কৰি আহিছে৷ আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রই ৰে’লেৰে গুৱাহাটীৰ মাজেৰে অব্যাহত ৰাখিছে বার্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ৷
এই চক্রটোৱে আজি ব্রহ্মপুত্র মেইলেৰে কাণপুৰলৈ চোৰাং চুপাৰি সৰবৰাহ কৰাৰ সময়তে গুৱাহাটী ষ্টেচনত ৰে’ল আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ডিমাপুৰৰ পৰা ব্রহ্মপুত্র মেইলেৰে বার্মিজ চুপাৰিখিনি কানপুৰলৈ নিয়াৰ কথা আছিল৷
সম্প্রতি ৰে’ল আৰক্ষীয়ে চুপাৰিখিনি জব্দ কৰি শুল্ক বিভাগক গতাই দিয়াৰ বাবে যো–জা চলাইছে৷ ক’ভিড–১৯ৰ আতংকৰ মাজতে এনেদৰে চোৰাং সৰবৰাহকাৰী চক্রই বার্মিজ চুপাৰি গুৱাহাটীৰ মাজেৰে সৰবৰাহ কৰি অহা ঘটনাই লকডাউনৰ শিথিলতাৰ সুযোগ লৈ চক্রটো পুনৰ সক্রিয় হৈ উঠা কথাকেই প্রমাণিত কৰিছে৷