জিএমডিএৰ দুর্নীতিৰ তদন্ত ঘোষণা অধ্যক্ষৰ
নিয়মীয়া বার্তা, ১৭ জুনঃ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰী চমুকৈ জি এম ডি এত সংঘটিত দুর্নীতিৰ তদন্ত ঘোষণা কৰিছে অধ্যক্ষ অশোক সিংঘালে৷
নিয়মীয়া বার্তাত জি এম ডি এত গাড়ী ভাৰাৰ নামত লাখ লাখ টকা লুণ্ঠন কৰা সন্দর্ভত তথ্যসহকাৰে যোৱা ১৫ জুনত সবিস্তাৰে প্রকাশ পাইছিল৷ জি এম ডি এৰ অধীক্ষক ভুবনেশ্বৰ বৰপূজাৰীয়ে পত্নীৰ নামত লোৱা এখন ছুইফ্ট ডিজায়াৰ বাহন ভাৰাত দিছিল৷ নথি–পত্র অবিহনে জি এম ডি এ কর্তৃপক্ষই ৮খন বিলাসী বাহন ভাৰাত লৈছিল৷
ইয়াৰ উপৰি জি এম ডি এত কর্মৰত বিভা চক্রৱর্তী আৰু অস্থায়ী কর্মচাৰী বিশ্বজিৎ সোমে ফাইল চোৱাৰ নামত একাংশ লোকৰ পৰা ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ নিয়মীয়া বার্তাত তথ্যসহকাৰে এই বাতৰি প্রকাশ পোৱাৰ পিছতে কালি জি এম ডি এৰ ভিতৰচ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি হয়৷ জি এম ডি এৰ অধ্যক্ষ অশোক সিংঘাল আৰু মুখ্য কার্যবাহী বিষয়া উমানন্দ দলে এক বৈঠকত মিলিত হৈ জি এম ডি এ কার্যালয়ত সংঘটিত হোৱা দুর্নীতিৰ তদন্তৰ নির্দেশ জাৰি কৰে৷
জি এম ডি এৰ কার্যালয়ত কেৱল এইকেইজন বিষয়া–কর্মচাৰীয়েই নহয়, বছৰৰ পিছত বছৰ ধৰি কার্যালয়টোত কর্মৰত মুখ্য অভিযন্তা, কার্যবাহী অভিযন্তা, সহকাৰী অভিযন্তা, গাণনিককে ধৰি একাংশ অসাধু বিষয়া–কর্মচাৰীয়ে বক্র পথেৰে কার্যালয়টোক ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ আছে৷