মদাহী যাত্রীয়ে ভাঙিলে খিৰিকী, জৰুৰী অৱতৰণ বিমানৰ
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ মধ্য আকাশত উৰন্ত বিমানৰ খিৰিকী এখন মদাহী মহিলা যাত্রীয়ে ভঙাৰ বাবেই চীনৰ এখন বিমানে জৰুৰী অৱতৰণ কৰিবলগীয়া হয়৷ দেশখনৰ লুং এয়াৰলাইন্ছৰ বিমানত ২৯ বছৰীয়া লি নামৰ মহিলাগৰাকীয়ে সুৰাসক্ত হৈ আৱেগ নিয়ন্ত্রণ কৰিব নোৱাৰি বহি থকা আসনৰ পৰাই খিৰিকীত খুন্দিয়াবলৈ ধৰে৷ বিমানৰ কর্মচাৰী আৰু আন যাত্রীসকলে মহিলাগৰাকীক শান্ত কৰিবলৈ বিচাৰে যদিও বিমানখনৰ খিৰিকীৰ প্রথমটো স্তৰত বাৰে বাৰে খুন্দিওৱাৰ ফলত ফাট মেলে৷ ইয়াৰ পিছতেই বিমানখনৰ দুর্ঘটনাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হয়৷ পূব চীনৰ য়াংচেনলৈ গৈ থকা বিমানখন অৱশেষত হেনান প্রদেশৰ ঝেনঝ’ৰ বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া হয়৷ অৱতৰণৰ পিছত আৰক্ষীয়ে মহিলা যাত্রীগৰাকীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, বয়ফ্রেণ্ডৰ সৈতে সম্পর্ক বিচ্ছিন্ন হোৱাৰ বাবেই অত্যধিক সুৰা সেৱন কৰা মহিলাগৰাকীয়ে বিমানখনত অশালীন আচৰণ কৰিছিল৷