নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্ত সিং ৰাজপুতৰ আত্মহনন সন্দৰ্ভত চলমান খানসহ ৮ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু

  • অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহননৰ ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু
  • গোচৰ ৰুজু বলীউদৰ ৮গৰাকী লোকৰ বিৰুদ্ধে

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহননৰ ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু । বিহাৰৰ মুজাফ্ফৰপুৰত আজি এজন অধিবক্তাই এটা গোচৰ ৰুজু কৰে । সুধীৰ কুমাৰ ওঝা নামৰ অভিবক্তাগৰাকীয়ে কৰণ জোহৰ, চলমান খানসহ বলীউডৰ ৮ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০৬, ১০৯, ৫০৪ আৰু ৫০৬ ৰ অধীনত এই গোচৰটো ৰুজু কৰা হৈছে ।

ইয়াৰ শুনানিৰ বাবে ৩ জুলাইৰ দিন ধাৰ্য কৰা হৈছে ।

গোচৰটোৰ অন্য লোকসকল হৈছে একতা কাপুৰ, আদিত্য চোপৰা, চাজিদ নাডিয়াবাল্য, সঞ্জয় লীলা ভঞ্চালী, একতা কাপুৰ, দিনেশ বিজয়া, টী-চিৰিজৰ ভূষণ কুমাৰৰ নামো অন্তৰ্ভুক্ত হৈ আছে ।

শেহতীয়াকৈ মুম্বাই আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, এই আত্মহত্যাৰ ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে শীঘ্ৰে অভিনেতাজনৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক সোধাপোছা কৰিব ।

You might also like