পুৱা ৯ৰ পৰা সন্ধিয়া ৫ বজালৈ দোকান খোলাৰ আহ্বান চেম্বার্ছ অৱ কমার্চৰ
নিয়মীয়া বার্তা, ১৮ জুনঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ব্যৱসায়ীসকলক কেন্দ্রীয় চৰকাৰৰ নীতি–নির্দেশনা মানি চলিবলৈ আহ্বান জনাইছে কামৰূপ চেম্বার্ছ অৱ কমার্চে৷
আজি এক নির্দেশযোগে কামৰূপ চেম্বার্ছ অৱ কমার্চৰ অন্তর্গত ব্যৱসায়ীসকলক পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ব্যৱসায়িক প্রতিষ্ঠান খোলা ৰখাৰ আহ্বান জনায়৷ কামৰূপ চেম্বার্ছ অৱ কমার্চৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ব্যৱসায়ীসকলে এই নির্দেশ মানি ব্যৱসায়িক প্রতিষ্ঠান খোলা ৰাখিব বুলি জানিবলৈ দিছে সম্পাদক ভূষণ কুমাৰ জৈনে৷