ঋতুপর্ণৰ হত্যাকাৰীক ফাঁচিৰ দাবীত নুনমাটি আছুৰ মৌন প্রতিবাদ
নিয়মীয়া বার্তা, ১৮ জুনঃ ৰাজ্য কঁপোৱা ঋতুপর্ণ পেগুৰ হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্রদানৰ দাবীত ৰাজ্যৰ ভিন্ন প্রান্তত আজিও অব্যাহত আছে বিভিন্ন দল–সংগঠন আৰু ৰাইজৰ প্রতিবাদ৷
আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ মূল প্রৱেশদ্বাৰৰ সন্মুখত নুনমাটি ছাত্র সন্থাই স্থানীয় ৰাইজ, বিভিন্ন দল–সংগঠন তথা বৃহত্তৰ নুনমাটি অঞ্চলৰ ব্যৱসায়িক প্রতিষ্ঠানৰ লগত জড়িত ব্যক্তিসকলৰ সহযোগত এক মৌন প্রতিবাদ কার্যসূচী ৰূপায়ণ কৰে৷
প্রতিবাদকাৰীসকলে হাতে হাতে ফ্লেগ–বেনাৰ লৈ ঋতুপর্ণ পেগুৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্রেক আদালতত কৰক, দলবদ্ধ আক্রমণ প্রতিৰোধ আইন প্রযোজ্য কৰক, ৰাইজৰ জীৱন–সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি দাবী উত্থাপন কৰে৷ প্রতিবাদস্থলীত নুনমাটি ছাত্র সন্থাৰ সভাপতি প্রাঞ্জল ডেকা আৰু সম্পাদক টিকেন্দ্রজিত কুমাৰে কয় যে আগন্তুক সময়ত সাধাৰণ জনতাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিব লাগে৷
প্রতিবাদী কার্যসূচীত উপস্থিত হৈ পূব গুৱাহাটী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি নাথে সঘনাই সংঘটিত দলবদ্ধ আক্রমণ ৰোধ কৰাৰ বাবে দলবদ্ধ আক্রমণ প্রতিৰোধ আইন প্রযোজ্য কৰিবলৈ আইনী ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক দাবী জনায়৷
উল্লেখ্য যে যোৱা ১২ জুনত নুনমাটি হাইস্কুলৰ বিপৰীতে থকা আৰমান হোম ফার্নিছিঙত স্বত্বাধিকাৰীসহ পাঁচজনকৈ লোকে ঋতুপর্ণ পেগুক ছুৰীৰে হানি–খুঁচি হত্যা কৰিছিল৷