নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা শপতনামা দাখিলঃ প্রার্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা ১৮ জুনঃ  নির্বাচনী প্রক্রিয়াত ভুৱা শপতনামা দাখিল কৰা প্রার্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব নির্বাচন আয়োগে৷ দেশৰ নির্বাচন আয়োগৰ মুখ্য নির্বাচন আয়ুক্ত সুনীল অৰোৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এক গুৰুত্বপূর্ণ বৈঠকত ভুৱা শপতনামা দাখিলকাৰী প্রার্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ নির্বাচন আয়ুক্ত অশোক লাভাছা আৰু সুশীল চন্দ্রৰ সৈতে দীর্ঘ সময় ধৰি এই বিষয়টোক লৈ আলোচনাৰ অন্তত এই সিদ্ধান্তত উপনীত হয় বুলি নির্বাচন আয়োগৰ বিবৃতিত প্রকাশ পাইছে৷ বিবৃতিত প্রকাশ কৰা মতে নির্বাচনী প্রক্রিয়াসমূহত প্রার্থীয়ে ভুৱা শপতনামা, অসম্পূর্ণ তথ্যসহ দাখিল কৰা শপতনামাই ভোটাৰৰ অধিকাৰক অৱনমিত কৰে অর্থাৎ ভোটাধিকাৰক প্রত্যাহ্বান জনোৱা হয়৷ ৰাজনৈতিক প্রতিনিধিসকলে এইক্ষেত্রত শপতনামাত সম্পূর্ণ তথ্য আৰু সঁচা তথ্য দাখিল কৰা উচিত৷ উল্লেখ্য যে শপতনামাত প্রার্থীগৰাকীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ, সা–সম্পত্তি, শৈক্ষিক অর্হতাকে ধৰি গুৰুত্বপূর্ণ বিষয়সমূহ সন্নিৱিষ্ট কৰিব লাগে৷ লক্ষণীয় যে শপতনামাত উল্লেখ কৰা সম্পত্তিৰ ক্ষেত্রত আয়োগৰ ২০১৩ চনৰ সিদ্ধান্ত অনুসৰি চেণ্ড্রেল ব’ড অৱ ডাইৰেক্ট টেক্সেছ (চিবিডিটি)ৰ দ্বাৰা নিৰীক্ষণ কৰা হ’ব৷ তাৎপর্যপূর্ণ যে দেশত স্বচ্ছ, মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ বাবে আয়োগে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলিও বিবৃতিত প্রকাশ পাইছে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে ২০১৮ চনৰ ছেপ্ঢেম্বৰত নির্বাচনী আইনৰ অধীনত ভুৱা শপতনামা দাখিল কৰাটো দুর্নীতিগ্রস্ত অপৰাধ বুলি গণ্য কৰিবলৈ কেন্দ্রীয় চৰকাৰক নির্বাচন আয়োগে আহ্বান জনাইছিল৷ কিন্তু এইক্ষেত্রত এতিয়াও চৰকাৰে সঠিক সিদ্ধান্ত গ্রহণ কৰিব পৰা নাই৷ তাৎপর্যপূর্ণ যে উচ্চতম ন্যায়ালয়েও ভুৱা শপতনামা দাখিল কৰাটো দুর্নীতিগ্রস্ত অপৰাধ বুলি গণ্য কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰক পদক্ষেপ ল’বলৈ আহ্বান জনাইছিল৷

You might also like