ত্ৰিপুৰাৰ মহিলা ক্রিকেটাৰৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ ত্রিপুৰাৰ ১৯ বছৰ অনূর্ধ্ব মহিলা ক্রিকেট দলৰ এগৰাকী খেলুৱৈয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ বাতৰি পোহৰলৈ আহিছে৷ পি টি আইত আজি প্রকাশ পোৱা বাতৰি অনুসৰি ১৬ বছৰীয়া ক্রিকেটাৰগৰাকীৰ নাম হ’ল আয়াণ্টি ৰিয়াং৷
মঙলবাৰে নিশা ক্রিকেটাৰগৰাকীক চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়৷ উল্লেখ্য যে আয়াণ্টিয়ে যোৱা বছৰ ত্রিপুৰাৰ হৈ ১৯ বছৰ আৰু ২৩ বছৰ অনূর্ধ্ব প্রতিযোগিতাত প্রতিনিধিত্ব কৰিছিল৷