বেইজিঙত পুনৰ ক’ভিড–১৯ সংক্রমণ বাতিল বিমানসেৱা
নিয়মীয়া বাৰ্তা ১৮ জুনঃ চীনৰ ৰাজধানী বেইজিঙত দ্বিতীয় পর্যায়ৰ ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দেশখনে ৰাজধানীলৈ সকলো বিমান সেৱা বাতিল কৰাৰ লগতে বিদ্যালয়সমূহ বন্ধ কৰি দিছে৷ উল্লেখ্য যে কালি ৩১জনৰ দেহত নতুনকৈ ক’ভিড–১৯ প’জিটিভ হোৱাত চীনত দ্বিতীয় পর্যায়ৰ সংক্রমণৰ প্রাদুর্ভাৱ ঘটা বুলি শংকিত হৈছে আৰু ইয়াকে লৈ উদ্বিগ্ন চৰকাৰে ততালিকে সকলো বিমান সেৱা বাতিল কৰে, লগতে চহৰখনৰ সকলো বিদ্যালয় পুনৰ জাননী নিদিয়ালৈকে বন্ধ ঘোষণা কৰিছে৷ মন কৰিবলগীয়া যে বেইজিঙৰ জিনফাড়ি পাইকাৰী খাদ্য বজাৰত প্রাদুর্ভাৱ ঘটা ক’ভিড–১৯এ অঞ্চলটোৰ কেইবাজনো লোকক সংক্রমিত কৰিছে৷ ইয়াৰ পিছতেই বজাৰখন বন্ধ কৰি দিয়াৰ লগতে ৰাজধানী চহৰৰ কেইবাখনো মূল বজাৰ বন্ধ ঘোষণা কৰিছে৷