এলএচি কাণ্ডৰ পিছত কি?
আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত চাবলৈ চীনৰ সমান অবিশ্বাসযোগ্য ৰাষ্ট্র দ্বিতীয়খন নোলাব৷ লাডাখৰ গালৱান ডপত্যকাত শেহতীয়াকৈ সংঘটিত ঘটনাটোও ইয়াৰে অন্যতম ডদাহৰণ৷ বিহাৰ ৰেজিমেণ্টৰ যিটো দলৰ ওপৰত চীনা সৈন্যই আক্রমণ কৰিছিল, সেই দিনটোত দুয়োপক্ষৰ মাজত সংঘাত হ’বলগীয়া পৰিৱেশ অথবা পৰিস্থিতি নাছিল৷ দুয়ো পক্ষৰ মাজত সীমান্তত বিৰাজমান পৰিস্থিতিক লৈ সেনাৰ বিষয়া পর্যায়ত আলোচনা চলি আছিল৷ ১৬ জুনৰ সিদ্ধান্ত অনুসৰি চীনৰ সৈন্যই সীমান্তৰ পৰা পিছুৱাই যোৱাৰ কথা আছিল৷ এইটো দুয়োপক্ষৰ ডমৈহতীয়া সিদ্ধান্ত আছিল৷ সেই কথাটোক লৈ পৰম বিশ্বাসেৰে চীনৰ শিবিৰলৈ যোৱা ভাৰতীয় সেনাৰ দলটোৰ ওপৰত জঁপিয়াই পৰে চীনা সৈন্য৷ সেইটো এটা পৰিকল্পিত আক্রমণ আছিল৷ ভাৰতীয় সেনাক আক্রমণৰ ডদ্দেশ্যে চীনৰ সেনাই আগতীয়াকৈ শিল, পাথৰ, আন চোকা অস্ত্র সাজু কৰি ৰাখিছিল৷ বেইজিঙৰ নির্দেশ অবিহনে চীনৰ সেনাই ভাৰত সীমান্তত ইমান ডাঙৰ পদক্ষেপ এটা ল’ব নোৱাৰে৷ সমগ্র ঘটনা বেইজিঙৰ পৰিকল্পনা মতে ঘটিছে৷ পৰিকল্পনা অনুসৰি, লগে লগে ভাৰতক ঘটনাটোৰ বাবে জগৰীয়া কৰি আন্তঃৰাষ্ট্রীয় মঞ্চত ভাৰতক বদনাম কৰাৰ লগতে ‘ভাল ল’ৰা’ৰ দৰে নিজৰ ছবি এখন প্রতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছে৷ ঘটনাটোত দুয়োপক্ষৰ ক্ষয়–ক্ষতি হৈছে৷ ভাৰতৰ তৰফৰ পৰা আনুষ্ঠানিক বিবৃতিৰে সেনাৰ কুৰিজন বিষয়া–জোৱান শ্বহীদ হোৱা বুলি সদৰী কৰা হৈছে৷ চীনৰ তৰফৰ পৰা অদ্যাপি ক্ষয়–ক্ষতিৰ একো তথ্য দাঙি ধৰা হোৱা নাই৷ সম্ভৱতঃ ৰাষ্ট্রখনে সেই তথ্য ৰাজহুৱা নকৰে৷ তদুপৰি ৰাষ্ট্রখনত যিহেতু সংবাদ মাধ্যম চৰকাৰৰ নিয়ন্ত্রণত, গতিকে সংবাদ মাধ্যমৰ জৰিয়তেও আচল ছবিখন পোহৰলৈ অহা কঠিন৷ ইয়াৰ মাজতে আমেৰিকাৰ চোৰাংচোৱা সংস্থা এটাই চীনৰ ৪৩জন বিষয়া–জোৱান হতাহত হোৱা বুলি দাবী কৰিছে৷ ভাৰতীয় সংবাদ মাধ্যমেও বিভিন্ন সূত্রৰ ডদ্ধৃতিৰে সংখ্যাটো ৩৫ৰ পৰা ৪৩জনৰ ভিতৰত হ’ব বুলি সদৰী কৰিছে৷ এতিয়ালৈকে ইমানখিনি স্পষ্ট হৈছে যে সংঘাতত চীনৰ সৈন্য বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে৷
এল এ চিৰ ঘটনাটোৰ পিছত কি হ’ব? এতিয়া এইটো প্রশ্ণ চৌদিশে ডত্থাপিত হৈছে৷ ভাৰতে পাকিস্তানৰ লেখীয়াকৈ চীনৰ বিৰুদ্ধে সামৰিক শক্তি ব্যৱহাৰ কৰিব নেকি? পাকিস্তানত মোদী চৰকাৰে এতিয়ালৈকে দুবাৰ ছার্জিকেল ষ্ট্রাইক কৰিছে৷ দুয়োবাৰে পাকিস্তানী সেনা বা ৰাষ্ট্রখনৰ বিৰুদ্ধে নহয়, সন্ত্রাসবাদীৰ নির্দিষ্ট ঘাটিত অভিযান চলোৱা হৈছিল৷ চীনৰ ক্ষেত্রত তেনে অভিযান চলোৱাৰ অৱকাশো নাই৷ এইক্ষেত্রত ভাৰতে তাৎক্ষণিকভাৱে হাতত ল’ব পৰা ব্যৱস্থাটো আছিল সীমান্তত ভাৰতীয় সেনাক পৰিস্থিতি অনুসৰি সিদ্ধান্ত ল’ব পৰাকৈ পূর্ণ স্বাধীনতা দিয়া৷ কেন্দ্রীয় চৰকাৰে সেই কামটো কৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি প্রকাশ পাইছে৷ ঘটনাৰ পিছদিনাই সুৰক্ষা বিষয়ক কেবিনেট সমিতিৰ বৈঠকত চৰকাৰে সেনাক পূর্ণ স্বাধীনতা দিয়াৰ সিদ্ধান্ত লোৱা বুলি প্রকাশ পাইছে৷ অর্থাৎ এতিয়াৰে পৰা ভাৰতীয় সেনাই তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্রহণ কৰি কার্যব্যৱস্থা হাতত ল’ব পাৰিব৷ দ্বিতীয় কথাটো হ’ল, ডোকলামত ভাৰতৰ স্থিতিক লৈ দেশৰ অভ্যন্তৰতে এচামে সমালোচনা কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল৷ বহুদিন ধৰি চলা সংঘাতটো অৱশেষত ভাৰতৰ বিজয়েৰে সমাপ্তি ঘটিছিল৷ গতিকে ভুকুতে কল পকাব নিবিচাৰি কেন্দ্রীয় চৰকাৰক অলপ সময় দিয়া ডচিত৷ কূটনৈতিকভাৱে চীনৰ মোকাবিলা কৰিব পৰাকৈ নতুন দিল্লীত সক্ষম আৰু দক্ষ আমোলা–বিষয়া, ৰাজনৈতিক নেতা যথেষ্ট আছে৷ সীমান্তত আগ্রাসন দেখুৱালেও সম্ভৱতঃ চীনে নিজে পতা জালখনত নিজেই বন্দী হ’ব৷ এই মুহূর্তত চীন আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্রীয়ভাৱে কেইবা দিশৰ পৰা সমস্যাৰ ব্যুহত সোমাই পৰিছে৷ তাৰে পৰা ওলাই আহিবলৈ এইদৰে দেশখন অস্থিৰ হৈ অবাঞ্ছিত কার্যকলাপত লিপ্ত হৈছে৷ ভাৰতবর্ষই সুস্থিৰ পৰিকল্পনা আৰু শীতল মগজুৰে কূটনৈতিক যুঁজখন আগুৱাই নিলে, চীনৰ বাবে সংকট অধিক ঘনীভূত হ’ব পাৰে৷ লগতে অর্থনৈতিক যুঁজ এখনৰ কথা এই মুহূর্তত ৰাষ্ট্রজুৰি ধবনিত হৈছে৷ চীনা সামগ্রী বর্জন কৰিবলৈ দেশৰ চৌদিশে দাবী ডত্থাপিত হৈছে৷ অর্থনৈতিক দিশৰ পৰা ইয়াৰ মূল্যায়ন হয়তো বেলেগ হ’ব৷ কিন্তু জনসাধাৰণৰ আৱেগৰ প্রতি সন্মান জনাই এইক্ষেত্রত চৰকাৰে চকুত পৰাকৈ পদক্ষেপ ল’বই লাগিব৷ বি এছ এন এলে চীনৰ সামগ্রী ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰি চৰকাৰৰ মনোভাবকে প্রতিফলিত কৰা বুলি ক’ব পাৰিব৷ কিন্তু চীনক অর্থনৈতিকভাৱে মোকাবিলা কৰাৰ বাস্তৱ পথটো হৈছে আত্মনির্ভৰশীলতাৰ পথটোৰে যোৱা৷ চীনক অর্থনৈতিকভাৱে পৰাভূত কৰিবলৈ হ’লে ভাৰত নিজেই আত্মনির্ভৰশীল হ’ব লাগিব৷ লোকেলৰ পৰা ভাৰতত ডৎপাদিত সামগ্রীৰ গ্লোবেল গমন হ’ব লাগিব৷ ইয়াৰ বিকল্প নাই৷