নিয়মীয়া বাৰ্তা, ১৯ জুনঃ সুশান্ত ৰাজপুতৰ আত্মহত্যাক লৈ বলীউদৰ স্বজন-তোষণ নীতিৰ বিষয়ে তীব্ৰ বাদানুবাদ চলি আছে। এনে বাদানুবাদৰ মাজতে বিজেপি সাংসদ নিশিকান্ত ডুবেই এটা ভিডিঅ’যোগে প্ৰকাশ কৰে যে সুশান্তৰ আত্মহত্যাৰ যি তদন্ত মুম্বাই আৰক্ষীয়ে চলাই আছে, সেয়া কোনো পক্ষৰ পৰা বাধাগ্ৰস্ত হ’ব নালাগে।
অন্যথা ইয়াৰ পৰিণাম ভুগিব লাগিব আৰক্ষীৰ লগতে বাধা প্ৰদানকাৰীয়ে। প্ৰয়োজনত চিবিআই, নিয়াৰ দ্বাৰা কৰা হ’ব পাৰে তদন্ত। ভিডিঅ’টোত তেওঁ লগতে উল্লেখ কৰে যে আত্মহত্যাৰ নেপথ্যৰ শক্তিক কেতিয়াও ৰেহাই দিয়া নহ’ব।
সৰু সৰু পৰিয়ালৰ পৰা প্ৰতিভাৰ বলত বলীউদলৈ অহা বহু ব্যক্তিৰ জীৱনলৈ মাফিয়া বা আন শক্তিশালী ছিণ্ডিকেটৰ বাধা প্ৰায়েই নামি অহা দেখা গৈছে। এই ধাৰা বন্ধ কৰাৰ বাবে আগন্তুক লোকসভাৰ মজিয়াত বিষয়টো উত্থাপন কৰা হ’ব। তেওঁ সুশান্তৰ আত্মহত্যাৰ বিষয়টোত প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ কামনা কৰে।
ডুবেই ভিডিঅ’টো মনোজ তিৱাৰী, ৰবি কিষাণ, বিবেক অবেৰয় আদিকো টেগ কৰে। উল্লেখ্য, যোৱা ১৪ জুনত মুম্বাইস্থিত বাসগৃহত সুশান্ত সিং ৰাজপুতে হতাশাগ্ৰস্ত হৈ আত্মহত্যা কৰিছিল।
पार्लियामेंट के आने वाले सत्र में सुशांत सिंह राजपूत के आत्महत्या के कारक लोगों का होगा पर्दाफ़ाश ।मुम्बई के चकाचौंध भरी फ़िल्मी दुनिया के अन्दर मौजूद माफिया,सिंडिकेट होगा सलाख़ों के अन्दर @ManojTiwariMP @ravikishann @vivekoberoi @Payal_Rohatgi @UdayMahurkar pic.twitter.com/fLdi1AHI0f
— Dr Nishikant Dubey (@nishikant_dubey) June 18, 2020