ইয়াৰ উপৰি চনুৱে সংগীত কোম্পানীসমূহ আৰু এজন অভিনেতাৰ নাম নোলোৱাকৈয়ে কিছু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে ।
চনু নিগমে ভিডিঅ’টোত কৈছে- “চকুৰ সন্মুখতে এটা জীৱন শেষ হৈ যোৱাটো কোনোৱে আশা নকৰে । কোনোবা নিষ্ঠুৰ হ’ব, যাৰ সুশান্তৰ মৃত্যুত কোনো ধৰণৰ প্ৰভাৱ পৰা নাই । মই আমাৰ সংগীতজগতক এটা আহ্বান জনাব খোজো যে আজি এজন অভিনেতাৰ মৃত্যু ঘটিছে, কালিলৈ আন এজন সংগীত শিল্পীৰো যাতে তেনে ঘটনা নহয় । কিয়নো আমাৰ সংগীতজগততো এতিয়া মাফিয়াৰাজ চলিছে ।”
ইয়াৰোপৰি তেওঁ কয় যে বহু নৱাগত কণ্ঠশিল্পীৰ পৰা বহু সময়ত এনেধৰণৰ কিছু অভিযোগ পাই আহিছো । ব্যৱসায় কৰাটো আৱশ্যক কিন্তু নতুন শিল্পীসকলকো সুযোগ দিয়াটো প্ৰয়োজন । ইপিনে নাম নোলোৱাকৈয়ে ২ টাকৈ কোম্পানীক আঙুলি টোঁৱাই তেওঁ কয়- সংগীতজগতত নতুন সংগীতজ্ঞ, নতুন গায়কসকলে বিভিন্ন সময়ত তেজৰ চকুলো বোৱায় । যদি কালিলৈ তেওঁলোকৰ কিবা এটা হয়, তেন্তে মনত ৰাখিব আপোনালোকৰ ওপৰত প্ৰশ্ন উত্থাপন হ’ব ।