নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ একমাত্র আসনত বিজেপিৰ সহজ জয়লাভ

পিপিই কিট পিন্ধি ভোট দিলে মধ্যপ্রদেশৰ বিধায়কে

নিয়মীয়া বাৰ্তা ২০ জুনঃ মহামাৰী ক’ভিড–১৯ৰ বাবে পিছুৱাই দিয়া ৰাজ্যসভাৰ নির্বাচনৰ আঠখন ৰাজ্যৰ ১৯খন আসনৰ ভোটগ্রহণ শুকুৰবাৰে সুকলমে সম্পন্ন হয়৷ নির্বাচনৰ প্রাক্মুহূর্তত গুজৰাট, মধ্যপ্রদেশ আৰু মণিপুৰত ৰাজ্যনৈতিক নাটক চলে যদিও শুকুৰবাৰৰ পুৱা ৯ বজাৰ পৰা ৰাজ্যসমূহৰ বিধানসভাৰ ভোটদান আৰম্ভ হৈ বিয়লি ৪ বজাত সামৰণি পৰে৷ ক’ভিড–১৯ত আক্রান্ত মধ্যপ্রদেশৰ কংগ্রেছ বিধায়ক এগৰাকীয়ে  নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পিপিই কিট পিন্ধি এম্বুলেঞ্চ লৈ বিধানসভালৈ আহে৷ মধ্যপ্রদেশ যুৱ কংগ্রেছৰ সভাপতি তথা কালাপিপ’ল সমষ্টিৰ বিধায়ক ৩৭ বছৰীয়া কুণাল চৌধুৰীয়ে স্বাস্থ্য বিভাগৰ কর্মীৰ এছকোর্টত আহি ভোটদান কৰিয়েই আঁতৰি যায়৷ ইপিনে, গুজৰাটত কংগ্রেছী বিধায়ক ৱাজিদ আলীয়ে কোৱাৰেণ্টাইনৰ নিয়ম ভংগ কৰি নির্বাচনত ভোটদান কৰাৰ বাবে বিধায়কগৰাকীৰ বিৰুদ্ধে অপৰাধমূলৰ গোচৰ ৰুজু কৰিবলৈ ৰিটার্নিং বিষয়াক বিজেপিৰ বিধায়ক ৰামলাল শর্মাই অভিযোগ উত্থাপন কৰিছে৷

শুকুৰবাৰে অনুষ্ঠিত ৮ ৰাজ্যৰ ১৯খন আসনৰ ভিতৰত গুজৰাটৰ চাৰিখন, অন্ধ্রপ্রদেশৰ চাৰিখন, ৰাজস্থানৰ তিনিখন, মধ্যপ্রদেশৰ তিনিখন, ঝাড়খণ্ডৰ দুখন, মণিপুৰ, মেঘালয় আৰু মিজোৰামৰ এখনকৈ আসন আছে৷ নির্বাচনৰ শেহতীয়া ফলাফল অনুসৰি মেঘালয়ৰ একমাত্র আসনখনত নেচনেল পিপ’লছ পার্টীয়ে জয়লাভ কৰিছে৷ শাসকীয় এনপিপিৰ জয়ী প্রার্থীগৰাকী হৈছে ডাঃ ডব্লিউ আৰ খাৰলুখি৷ মিজোৰামৰ একমাত্র ৰাজ্যসভাৰ আসনখনত বিজয়ী হৈছে এম এন এফৰ কে বনলালভেনা৷ তাৎপর্যপূর্ণ যে ৰাজ্যসভাৰ নির্বাচনক লৈ কংগ্রছৰ মাজত ফাট মেলা মধ্যপ্রদেশৰ বিজেপিয়ে দুখন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে লাভ কৰিছে এখন আসন৷ বিজেপিৰ বিজয়ী প্রার্থী দুগৰাকী হৈছে জ্যোতিৰাদিত্য সিন্ধিয়া আৰু সুমেৰ সিং ছোলাংকী৷ কংগ্রেছৰ বিজয়ী প্রার্থী হৈছে প্রবীণ নেতা দিগ্বিজয় সিং৷ নির্বাচনত সমাজবাদী প্রার্থী বিধায়ক ৰাজেশ শুক্লাই বিজেপিৰ প্রার্থীক ভোট দিয়াৰ বাবে দলটোৰ পৰা বিধায়কগৰাকীক নিলম্বন কৰিছে দলটোৰ মুৰব্বী অখিলেশ যাদৱে৷

আনপিনে, ৰাজস্থানত শাসকীয় কংগ্রেছে দুখন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে এখন আসন৷ কংগ্রেছৰ বিজয়ী প্রার্থী দুগৰাকী হৈছে কে চি বেণুগোপাল আৰু নিৰজ দাংগী৷ বিজেপিৰ নির্বাচিত প্রার্থীগৰাকী হৈছে ৰাজেন্দ্র গেহলট৷ অন্ধ্রপ্রদেশৰ চাৰিখন আসনতেই শাসকীয় ৱাই এছ আৰ–কংগ্রেছ বিজয়ী হৈছে৷ বিজয়ী প্রার্থীকেইগৰাকী হৈছে উপ–মুখ্যমন্ত্রী পিল্লি সুভাষ চন্দ্র বসু, মন্ত্রী ম’পীদেৱী ভেংকটৰমন, উদ্যোগপতি পৰিমল নাথৱানি আৰু অযোধ্যা ৰামীৰেড্ডী৷ নির্বাচনৰ পূর্বে ৰাজনৈতিক সংকটত পৰা বিজেপিশাসিত মণিপুৰৰ আসনখন লাভ কৰে বিজেপিয়ে৷ বিজেপিৰ প্রার্থী লেইচেম্বা চানাজাউৱাই কংগ্রেছ প্রার্থী টি মাংগি বাবুক পৰাজিত কৰে৷ বিজেপিৰ প্রার্থীগৰাকীয়ে লাভ কৰে ২৮টা ভোট৷ ঝড়খণ্ডৰ দুখন অসনৰ একোখনকৈ লাভ কৰে বিজেপি আৰু জে এম এমে৷ বিজেপিৰ বিজয়ী প্রার্থীগৰাকী হৈছে দীপক প্রকাশ আৰু জে এম এমৰ প্রার্থীগৰাকী হৈছে প্রাক্তন মুখ্যমন্ত্রী তথা জে এমৰ প্রতিষ্ঠাতা শিবু ছোৰেন৷ পলমকৈ ভোটগণনা আৰম্ভ হোৱা গুজৰাটৰ চাৰিখন আসনৰ ভিতৰত তিনিখন বিজেপিয়ে লাভ কৰাৰ বিপৰীতে এখন আসন লাভ কৰে কংগ্রেছে৷ বিজেপিৰ বিজয়ী প্রার্থীকেইগৰাকী হৈছে– অভয় ভৰদ্বাজ, ৰামীলা বাৰা আৰু নৰহৰি আমিন৷ কংগ্রেছৰ প্রার্থীগৰাকী হৈছে শক্তি সিং গহিল৷

You might also like