লখৰাত ক্রাইম ব্রাঞ্চৰ অভিযানঃ চোৰাং তেলসহ ৪ যুৱকক গ্রেপ্তাৰ
নিয়মীয়া বার্তা, ২০ জুনঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অব্যাহত আছে চোৰাং তেলৰ ৰমৰমীয়া বেহা৷ এটা শক্তিশালী চক্রই একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি মেঘালয়ৰ পৰা চোৰাং তেল সৰবৰাহেৰে গুৱাহাটী, সোণাপুৰ আদি অঞ্চলত বিক্রী কৰি আহিছে৷ ক্রাইম ব্রাঞ্চে লাভ কৰা তথ্যৰ ভিত্তিত কালি লখৰাৰ ছাগলপাৰাত অভিযান চলাই চোৰাং তেলৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয়৷
অভিযানকাৰী দলটোৱে ছাগলপাৰাত অভিযান চলাই এএছ–০১ ডিচি–৫৪৬১ নম্বৰৰ এখন তেলভর্তি টেংকাৰ, তিনি ড্রাম তেল আৰু চাৰিজন যুৱকক গ্রেপ্তাৰ কৰে৷ যুৱককেইজনৰ পৰা অভিযানকাৰী দলটোৱে নগদ ১০ হাজাৰ টকাও উদ্ধাৰ কৰে৷ চোৰাং তেলৰ ব্যৱসায়ৰ লগত জড়িত স্বপন বংজাং, চন্দন কাথাৰ, গণেশ প্রাধান আৰু মোহন প্রাধানক ক্রাইম ব্রাঞ্চে বশিষ্ঠ আৰক্ষীক গতাই দিয়ে৷
সম্প্রতি বশিষ্ঠ আৰক্ষীয়ে যুৱককেইজনক চোৰাং তেলৰ বেহা সন্দর্ভত জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে কেইদিনমান পূর্বে যোৰাবাট আৰক্ষীয়ে এএছ–০১ ডিচি–৯৩০৫ নম্বৰৰ এখন চোৰাং তেলভর্তি ডি আই বাহন জব্দ কৰিছিল৷ সোণাপুৰৰ কপালকাটা নিৱাসী গুলজাৰ আৰু মজনুৱে মহানগৰীৰ বিভিন্ন অঞ্চলত চোৰাং তেলৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷