চীনে আক্রমণৰ সময়ত চৰকাৰ শুই আছিলঃ ৰাহুল গান্ধী
নিয়মীয়া বাৰ্তা ২০ জুনঃ লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত ২০জন ভাৰতীয় জোৱান শ্বহীদ হোৱা ঘটনাক লৈ পুনৰ আজি মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে৷ ইতিপূর্বে এই ঘটনাক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু বৈদেশিক মন্ত্রী এছ জয়শংকৰক কেইবাটাও প্রশ্নৰে সমালোচনা কৰাৰ পাছত শুকুৰবাৰে পুনৰ চৰকাৰক উক্ত ঘটনাৰ সময়ত শুই থকা বুলি অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে৷ লাডাখক লৈ ৰাজনীতি কৰি থকা কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে টুইটযোগে এইবুলি কয় যে চীনে গালৱান উপত্যকাত ভাৰতীয় সেনাক পূর্বপৰিকল্পিতভাৱে আক্রমণ কৰাৰ সময়ত কেন্দ্রীয় চৰকাৰ শুই আছিল৷ যাৰ ফলত ২০জনকৈ জোৱান শ্বহীদ হৈ আত্মবলিদান দিলে৷ টুইটাৰত ৰাহুল গান্ধীয়ে স্পষ্টকৈ উক্ত ঘটনাৰ বাবে মোদী চৰকাৰক দোষাৰোপ কৰে৷ তাৎপর্যপূর্ণ যে গালৱানৰ ঘটনাৰ পাছতে মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ আছে কংগ্রেছ নেতাগৰাকী৷