লা লিগাত ৰিয়েল মাদ্রিদৰ বৃহৎ জয়
নিয়মীয়া বাৰ্তা, ২০ জুনঃ মহামাৰীৰ পিছত যোৱা সপ্তাহত পুনৰ আৰম্ভ হোৱা লা লিগাত অষ্টাদশ জয় সাব্যস্ত কৰিছে তাৰকাসমৃদ্ধ ৰিয়েল মাদ্রিদে৷ যোৱানিশা অনুষ্ঠিত এখন মেচত দলটোৱে ভেলেন্সিয়াক ৩–০ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ এই জয়েৰে দলটোৱে ২৯খন মেচৰ পৰা ৬২ পইণ্টেৰে বার্চিলোনাৰ পিছতে দ্বিতীয় স্থান অধিকাৰ কৰিছে৷
বার্চিলোনাই ৬৪ পইণ্টেৰে সম্প্রতি শীর্ষত আছে৷ যোৱানিশাৰ মেচখনত ৰিয়েল মাদ্রিদৰ জয়ত উজলি উঠে তাৰকা ষ্ট্রাইকাৰ কৰিম বেঞ্জামা৷ তেওঁ ৬১ আৰু ৮৬ মিনিটত দুটাকৈ গ’ল কৰি দলৰ জয় সহজ কৰি তোলে৷ মার্কো আছেনচি’ই ৭৪ মিনিটত আনটো গ’ল কৰিবলৈ সক্ষম হয়৷ ৰিয়েল মাদ্রিদে আধিপত্য বিস্তাৰ কৰা মেচখনত অৱশ্যে ভেলেন্সিয়াইহে প্রথমে গ’ল কৰিছিল৷
২০ মিনিটত ৰড্রিগো মৰেন’ৱে মাদ্রিদৰ ৰক্ষণ বেহু ভেদ কৰি এটি গ’ল কৰিবলৈ সক্ষম হয় যদিও ৰেফাৰীয়ে গ’লটো অফছাইড ঘোষণা কৰাত ভেলেন্সিয়াৰ খেলুৱৈসকল আশাহত হয়৷ ইফালে, যোৱানিশা অনুষ্ঠিত আন এখন মেচত ৰিয়েল ছ’চিয়াডে আলাভেছৰ হাতত ০–২ গ’লত পৰাজয়ৰ সন্মুখীন হয়৷ ইয়াৰ ফলত দলটোৱে লা লিগাৰ শীর্ষ চাৰিটা স্থানত প্রৱেশ কৰাটো অনিশ্চিত হৈ পৰিছে৷