ফ্রান্স ৰাষ্ট্রপতিক ‘নমস্তে’ জনালে ব্রিটিছ প্রধানমন্ত্রীয়ে
নিয়মীয়া বাৰ্তা ২০ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছে সলনি কৰিলে পৰম্পৰাগত সংস্কৃতি৷ পশ্চিমীয়া দেশসমূহে ইখনে সিখনক আদৰণি জনোৱাৰ সময়ত কৰমর্দন কৰে যদিও ক’ভিড–১৯ৰ বাবে এই পৰম্পৰা সলনি কৰিবলৈ বাধ্য হ’ল৷ আদৰি ল’লে পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা–সংস্কৃতিৰ পৰম্পৰা ‘নমস্তে’৷ দ্বিতীয় বিশ্বযুদ্ধৰ এক অনুষ্ঠানৰ ৮০সংখ্যক বার্ষিকী উপলক্ষে ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রই লণ্ডনত উপস্থিত হোৱাৰ সময়ত গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী হৰিশ জনছনে নমস্তেৰে আদৰণি জনালে৷ দুয়ো দেশৰ শীর্ষ নেতাই দূৰত থাকিয়েই নমস্তেৰে আদৰণি জনোৱা ভিডি’ ছ’চিয়েল মিডিয়াত চর্চাৰ বিষয় হৈ পৰিছে৷ এই ভিডি’টো লণ্ডনৰ ১০, ডাউনিং ষ্ট্রিটৰ চৰকাৰী ভৱনত ৰেকর্ডিং হৈছিল৷ ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়ে নিজেই এই ভিডিঅ’টো টুইটাৰত প্রচাৰ কৰিছে৷