মাৰণাস্ত্ৰৰে ভৰা পাকিস্তানী ড্ৰ’ন ভূপতিত, বি এছ এফৰ সাফল্য
নিয়মীয়া বাৰ্তা, ২০ জুনঃ আজি পুৱা প্ৰায় ৫ বজাত ভাৰতীয় সীমান্ত নিৰাপত্তা বাহিনীয়ে পাকিস্তানৰ পৰা অহা এখন ড্ৰ’ন ভূপতিত কৰে। বি এছ এফৰ ১৯নং বেটেলিয়নে জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কথুৱা জিলাৰ হিৰানগৰ ছেক্টৰত টহল দি থকা অৱস্থাত ড্ৰ’নখন পাকিস্তানৰ পৰা অহা দেখা পায় আৰু গুলীচালনাৰে ভূপতিত কৰে।
সীমান্তৰ পৰা প্ৰায় ২৫০ মিটাৰ দূৰত্বত ড্ৰ’নখন প্ৰত্যক্ষ কৰিছিল সেনা-জোৱানে। ৮ ফুট দৈৰ্ঘ্যৰ ড্ৰ’নখনৰ পৰা এটা অত্যাধুনিক ৰাইফল, দুটা মেগজিন, ৬০ ৰাউণ্ড গুলী, ৭টা হেণ্ড গ্ৰনেড উদ্ধাৰ কৰাৰ লগতে আলী ভাই নামৰ কোনো ব্যক্তিৰ নাম উদ্ধাৰ কৰা হয়।
সেনা সূত্ৰ অনুসৰি, ভাৰতবিৰোধী কাৰ্যসূচী চলাই থাকিবৰ বাবে আলী ভাই নামৰ কোনো পাকিস্তানী এজেণ্টৰ বাবে এই মাৰণাস্ত্ৰ পঠিওৱা হৈছিল। আনহাতে ড্ৰ’ন ভূপতিত কৰাৰ পিছত ৮.৫০ বজাত হিৰানগৰ ছেক্টৰৰ বাবিয়া পোষ্টলৈ পাকিস্তানী সেনাই সাধাৰণভাৱে গুলীচালনা কৰে।