অৰুণাচলত প্ৰদেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৩৫ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা ২০ জুনঃ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অৰুণাচলতো তীব্ৰ গতিত বৃদ্ধি পাইছে ক’ভিড-১৯ সংক্ৰমৰ লোকৰ সংখ্যা৷ জানিব পৰা মতে অৰুণাচল প্ৰদেশত বৰ্তমানলৈকে ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৩৫ জনলৈ বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনে । ইয়াৰে ইটানগৰৰ কেপিটেল কম্পলেক্সত-১৮, চাংলাং জিলাত- ৬৪, ইষ্ট চিয়াং – ৯, লোহিত জিলাত- ৩, লংডিং -১, লৱাৰ ডিবাং ভেলি -৩, নামচাই- ২, টাৱাং- ১, তিৰাপ- ২, ৱেষ্ট কামেং -১২, ৱেষ্ট চিয়াঙত- ১, লৱাৰ চিয়াং-১ জন৷ উল্লেখ্য যে অৰুণাচল প্ৰদেশত মুঠ ১৩৫ জনৰ ক’ৰোনা সংক্ৰমনৰ ভিতৰত ইতিমধ্যে ১৪ জন লোকৰ সুস্থ হৈ নিজ ঘৰলৈ উভতিছে৷ ইয়াৰে বৰ্তমান ১২১ জন আক্ৰান্ত লোকৰ চিকিৎসাধীন হৈ আছে৷