উৰিয়ামঘাট সীমান্তত নগাৰ আগ্ৰাসন! উচ্ছেদিত ভূমিত নাগালেণ্ডৰ ফলক
সৰুপথাৰ সমজিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত এলেকাক কেন্দ্ৰ কৰি পুনৰ সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। উচ্ছেদিত ভূমিৰ ডিমৰুজান অঞ্চলত এখন দোকান স্থাপন কৰি তাত ৱচন ভিলেজ ঊষা : নাগালেণ্ড (WOCHAN VILLAGE WOKHA: NAGALAND) লিখা ফলক অঁৰা ঘটনাক লৈ সীমান্তৱৰ্তী অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বিভিন্ন ছাত্ৰ সংগঠন আৰু স্থানীয় ৰাইজে এই ঘটনাক অসমৰ ভূখণ্ডত নগাৰ নতুন আগ্ৰাসনৰ কৌশল বুলি অভিহিত কৰি তীব্ৰ প্রতিবাদ সাব্যস্ত কৰিছে। উৰিয়ামঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত এলেকাত এতিয়া নগাৰ পৰিছে শেন চকু।
বিগত বৰ্ষত অসম প্ৰশাসনে উচ্ছেদ কৰিছিল উক্ত অঞ্চলসমূহ। এতিয়া হেই উচ্ছেদিত এলেকা দখল কৰি নগাই ডিমৰুজানত নাগালেণ্ডৰ ফলক অঁৰা ঘটনাৰ তীব্র প্রতিবাদ সাব্যস্ত কৰিছে ধনশিৰি মহকুমা ছাত্র সন্থাৰ লগতে বিভিন্ন দল সংগঠনে।
মহকুমা ছাত্ৰ সন্থাৰ সভাপতি বিকাশ বৰাই সংবাদ মাধ্যমৰ আগত উচ্ছেদিত এলেকাত এনেদৰে নগাই ফলক আঁৰা ঘটনাক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি ঘোষণা কৰাৰ লগতে গোলাঘাট জিলা আৰু সৰুপথাৰ সমজিলা প্রশাসনক শীঘ্রেই ফলকখন আঁতৰোৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।
নগাৰ আগ্রাসনৰ বিৰুদ্ধে এতিয়া প্রশাসন কঠোৰ নহ’লে অনাগত দিনত আৰু দ্রুতগতিত সীমান্তৰ উচ্ছেদিত অঞ্চলত নগাৰ আগ্রাসন বৃদ্ধি পাব বুলি আশংকা প্রকাশ কৰিছে ছাত্র নেতাগৰাকীয়ে। উল্লেখ্য যে কেবল আছুৱে নহয়, ধনশিৰি মহকুমা চুতীয়া ছাত্র সন্থা, আটছাকে আদি কৰি বিভিন্ন দল-সংগঠনেও সীমান্তৰ উচ্ছেদিত ভূমিত নগাই অসমৰ ভূখণ্ডত চলোৱা আগ্রাসন প্ৰতিৰোধৰ বাবে চৰকাৰ আৰু প্রশাসনক দাবী জনাইছে।
জানিব পৰামতে উৰিয়ামঘাটৰ উচ্ছেদিত ভূমি ছলে-বলে দখল কৰিবলৈ লোৱাৰ লগতে সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাটৰ ডিমৰুজানত থকা মাত্র দুই-তিনি ঘৰ নগা লোকে গাঁৱখনত শেহতীয়াকৈ উচ্ছেদিত লোকক নগাই থাকিবলৈ দিয়াৰো অভিযোগ উত্থাপিত হৈছে।
পূর্বতে নগা লোক আছিল যদিও শেহতীয়াকৈ এটি উচ্ছেদিত পৰিয়ালক থাকিবলৈ দি দোকান খুলি দিছে নগাই। ডিমৰুজানত খুলি দিয়া দোকানখনৰ আলম লৈয়ে দোকানখনৰ ফলকত লিখিলে নগা গাঁও আৰু নাগালেণ্ডৰ ঊষা জিলাৰ নাম।
উক্ত বিষয়টোক লৈ উৰিয়ামঘাটত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ উচ্ছেদিত লোকক লৈয়ে নগাই অসমৰ ভূমি আগ্রাসনৰ নকৌশল লৈছে নেকি বুলিও প্রশ্ন উত্থাপিত হৈছে। যাৰ বাবে এই বিষয়ক লৈ এক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰুপথাৰ সমজিলাৰ সীমান্তৱতী এলেকাত। স্থানীয় ৰাইজে প্রশাসনক তৎপৰতাৰে বিষয়টো সমাধানৰ দাবী জনাইছে।
নিয়মীয়া বাৰ্তা, চুঙাজান ২৫ মে’