অসমৰ গৌৰৱময় মুগা কাপোৰক বিশ্ব বজাৰত এক সুকীয়া পৰিচয় প্ৰদান কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় ডোনাৰমন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ‘চেনেহজৰী’ নামেৰে মুগা চিল্ক অভিযানৰ শুভাৰম্ভ কৰে।
নতুন দিল্লীৰ সঞ্চাৰ ভৱনৰ পৰা ভাৰ্চুৱেলযোগে ৪১১ কোটি টকীয়া এই বৃহৎ প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে। ঐতিহ্যমণ্ডিত মুগা শিল্পক অসমৰ ‘অনন্য বিক্ৰয় প্ৰস্তাৱ’ (ইউ এছ পি) হিচাপে গঢ় দিবলৈ আগন্তুক তিনি বছৰত উক্ত বুজন পৰিমাণৰ অৰ্থ ব্যায় কৰা হব।
এই অভিলাষী আঁচনিৰ জৰিয়তে অসমৰ মুগা উৎপাদনৰ সৈতে জড়িত ২.৫ লাখতকৈও অধিক শিপিনী, পলু পালনকাৰী আৰু উদ্যোক্তাসকলক সবলীকৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
অনুষ্ঠানত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ডোনাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰ প্ৰমুখ্যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
অসমৰ ‘সোণালী সূতা’ৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক যুগান্তকাৰী আখ্য দি কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই কয় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এই যৌথ অভিযানে মুগাৰ গুণগত মান আৰু উৎপাদন বৃদ্ধি কৰাৰ লগতে ইয়াৰ সৈতে জড়িত অংশীদাৰসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰিব আৰু গোলকীয় বজাৰত মুগা শিল্পক এক প্ৰতিযোগিতামূলক স্থানত প্ৰতিষ্ঠা কৰিব।
২০২৬ চনৰ পৰা ২০২৮ চনলৈকে কাৰ্যকৰী হ’বলগীয়া তিনিবছৰীয়া আঁচনিটোৰ শুভাৰম্ভ কৰি তেওঁ কয় যে, এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে মুগা শিল্পক ফাৰ্মৰ পৰা ফৰেনলৈ অৰ্থাৎ খেতিৰ পৰা বিদেশৰ বজাৰলৈ লৈ যোৱা।
উত্তৰপূৰ্বাঞ্চলকলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি সিন্ধিয়াই কয় যে, ‘অষ্টলক্ষ্মী’ হিচাপে পৰিচিত অঞ্চলটোৰ আঠখন ৰাজ্যক সুকীয়া সুকীয়া অনন্য সম্ভাৱনীয়তাৰ ভিত্তিত চিনাক্ত কৰা হৈছে। নাগালেণ্ডক কফি, ত্ৰিপুৰাক আনাৰস, ছিকিমক জৈৱিক কৃষি, অৰুণাচল প্ৰদেশক কিৱি, মিজোৰামক জৈৱিক আদা আৰু মণিপুৰক প’ল’ খেলৰ বাবে বিশেষ গুৰুত্ব দিয়াৰ বিপৰীতে অসমক বিশ্ববিশ্ৰুত মুগা শিল্পৰ বাবে স্বীকৃতি প্ৰদান কৰা হৈছে।
ডোনাৰ মন্ত্ৰীজনে জনোৱা মতে, এই অভিযানত ডোনাৰ মন্ত্ৰালয়, অসম চৰকাৰ, বস্ত্ৰ মন্ত্ৰালয়, সমবায় মন্ত্ৰালয়, আপেডা, আইচিএআৰ, ডিআৰডিঅ’ আৰু শিপিনী তথা পলু পালনকাৰী সমাজৰ প্ৰতিনিধিসহ মুঠ ১১ টা অংশীদাৰী পক্ষই একেলগে কাম কৰিব।
আঁচনিৰ অংশ হিচাপে যোৰহাট, শিৱসাগৰ, শুৱালকুছি, মাজুলী আৰু লক্ষীমপুৰত পাঁচটা আধুনিক সূতা কটা গোট (reeling units) স্থাপন কৰা হ’ব। ইয়াৰ উপৰিও, মুগা প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজন ক্ষমতা শক্তিশালী কৰিবলৈ ধেমাজিত এটা সুকীয়া মুগা স্পান চিল্ক গোট স্থাপন কৰা হ’ব।
শুভাৰম্ভ অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই মিছনে অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু স্বাভিমানৰ প্ৰতীক মুগা শিল্পক এক বৃহৎ মাত্ৰা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্বত সোণালী সূতাক প্ৰসাৰিত কৰিবলৈ গ্ৰহণ কৰা এইধৰণৰ প্ৰথমটো পদক্ষেপে মুগা শিল্পৰ বিশাল বিত্তীয় সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।
শৰ্মাই লগতে কয় যে, মুগা চিল্কে লাভ কৰা ভৌগোলিক নিৰ্দেশক বা জি আই টেগে ইয়াক ইতিমধ্যে এক সুকীয়া পৰিচয় প্ৰদান কৰিছে আৰু এই নতুন অভিযানে উৎপাদনৰ মান তথা পৰিমাণ দুয়োকে লক্ষণীয়ভাৱে বৃদ্ধি কৰিব।
অনুষ্ঠানত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ডোনাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰেও অসমৰ মুগা শিল্পত নিহীত হৈ থকা সম্ভাৱনাৰ কথা ব্যক্ত কৰে। লক্ষ্যনীয়ভাৱে ভাৰ্চুয়েলযোগে অনুষ্ঠিত আজিৰ এই কাৰ্যসূচীত অসমৰ লক্ষীমপুৰ, ধেমাজী, ডিব্ৰুগড় আদি বিভিন্ন জিলাৰ শিপিনী, পলু পালনকাৰী আৰু হিতাধিকাৰীৰ লগতে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাও অংশ গ্ৰহণ কৰে।
দিল্লীৰ কাৰ্যসূচীত উপস্থিত থকা জ্যেষ্ঠ বিষয়াসকলৰ ভিতৰত আছিল ড’নাৰ সচিব সঞ্জয় জাজু, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ড° কে কে দ্বিবেদী, অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভন আদি।
অনুষ্ঠানত শিপিনী, পলু পালনকাৰী, উদ্যোক্তা, বিনিয়োগকাৰী আৰু উদ্যোগ জগতৰ প্ৰতিনিধিসকলৰ সৈতেও কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মত বিনিময় কৰে। শুভাৰম্ভ অনুষ্ঠানত অসমৰ মুগা শিল্পৰ ঐতিহ্য আৰু তাৎপৰ্যৰ কথা ব্যক্ত কৰি নিৰ্মিত এটা চুটি ছবিও প্ৰদৰ্শন কৰা হয়।
মুগা শিল্পৰ আধুনিকীকৰণ কৰাত আৰু এই অনন্য সোণালী সূতাৰ গোলকীয় কেন্দ্ৰ হিচাপে অসমৰ অৱস্থিতি সুদৃঢ় কৰাত মিছন ‘চেনেহজৰী’য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি সামগ্ৰিক ভাৱে আশা কৰা হৈছে।
মন কৰিব লগীয়া যে মুগা চিল্ক অভিযানৰ শুভাৰম্ভ অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে সুকীয়াকৈ এখন বৈঠকত মিলিত হৈছিল। উত্তৰপূৰ্বাঞ্চলৰ জনসাধাৰণৰ জীৱনযাত্ৰা আৰু জীৱিকাৰ মান উন্নত কৰাৰ লক্ষ্যেৰে ডোনাৰ মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে।
বিশেষ বাৰ্তা, নতুন দিল্লী, ৩ জুন