শেহতীয়াকৈ ইটানগৰ ৰাজধানী অঞ্চলত বন্ধ আৰু প্ৰতিবাদৰ পিছতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ চৰকাৰে সমগ্ৰ ৰাজ্যতে ইনাৰ লাইন পাৰ্মিট (আই এল পি) ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বৃহৎ সংস্কাৰত অনুমোদন জনাইছে।
নতুন ব্যৱস্থাৰ ভিতৰত আছে কিউআৰ-কোড পৰীক্ষণ, আধাৰ ভিত্তিক প্ৰমাণীকৰণ, বাধ্যতামূলক আৰক্ষী পৰীক্ষণ আৰু ভুৱা অনুমতি পত্ৰ আৰু ৰাজ্যত অবৈধ প্ৰৱেশ ৰোধৰ বাবে কঠোৰ তদন্তৰ বৈশিষ্ট্যযুক্ত সম্পূৰ্ণ ডিজিটেল ই-আইএলপি ব্যৱস্থা।
প্ৰশাসনে আকস্মিক পৰিদৰ্শন আৰু উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ কথাও ঘোষণা কৰিছে, য’ত আই এল পিৰ নিয়ম উলংঘা কৰা লোকসকলৰ বাবে দুবছৰ পৰ্যন্ত প্ৰৱেশ নিষেধাজ্ঞাৰ ব্যৱস্থা কৰা হৈছে।
ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ সমগ্ৰ অৰুণাচল প্ৰদেশত আই এল পি ব্যৱস্থা নিৰীক্ষণ আৰু বলৱৎ কৰিবলৈ জিলা পৰ্যায়ৰ টাস্ক ফ’ৰ্চ গঠন কৰিব।
নিয়মীয়া বাৰ্তা, বান্দৰদেৱা, ১৭ মে’