দীপৰ বিলৰ পাৰত উদ্ধাৰ পিপিই কিট
নিয়মায়া বার্তা, ২১ জুনঃ গুৱাহাটী মহানগৰীৰ পার্শ্বৱর্তী চকর্দো–কলিতাপাৰাৰ গাতে লগা দীপৰ বিলৰ পাৰত ক’ভিড–১৯ত আক্রান্ত লোকৰ চিকিৎসাৰ সময়ত চিকিৎসক, নার্ছ বা চিকিৎসা কর্মীয়ে পৰিধান কৰা কেইবাটাও পি পি ই কিট কালি পুৱা উদ্ধাৰ হোৱাক কেন্দ্র কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷
এই সন্দর্ভত অঞ্চলটোৰ পৰিৱেশ কর্মী তথা চকর্দো–কলিতাপাৰা ৰাইজ গয়ৰহৰ সম্পাদক প্রমোদ কলিতাই জানিবলৈ দিয়া মতে, পুৱা সাত মান বজাত পথেৰে খোজকাঢ়ি যোৱা কোনো লোকে দীপৰ বিলৰ শ্রীশ্রীভাঙাৰা গোসাঁই থানৰ ওচৰতে পি পি ই কিট পৰি থকা প্রত্যক্ষ কৰে৷ তাৰ পিছত বিষয়টো ৰাজহুৱা হোৱাৰ পিছত কেইজনমান লোকে পি পি ই কিটসমূহ নিৰাপদভাৱে জ্বলাই দিয়ে৷
স্থানীয় লোকসকলে নিশাৰ ভাগত আন্ধাৰৰ সুযোগ লৈ কোনো চিকিৎসক বা চিকিৎসাকর্মীয়ে বাহনেৰে আহি তাত পি পি ই কিটসমূহ পেলাই থৈ যোৱা বুলি সন্দেহ প্রকাশ কৰিছে৷