নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জীয়ন-নবীকৰণক লৈ নিয়োগ বিনিময় কেন্দ্রত হেতা–ওপৰা

চাকৰিৰ বিজ্ঞাপনে আশাৰ সঞ্চাৰ কঢ়িয়াইছে শিক্ষিত নিবনুৱালৈ

নিয়মীয়া বার্তা, ২১ জুনঃ ৰাজ্যত এতিয়া বহুকেইটা বিভাগত ওলাইছে চাকৰিৰ বিজ্ঞাপন৷ এই বিজ্ঞাপন প্রকাশ পোৱাৰ লগে লগে মহানগৰীৰ ৰিহাবাৰীস্থিত নিয়োগ বিনিময় কেন্দ্রত দেখা গৈছে এক ব্যতিক্রমী দৃশ্য৷ বছৰ বছৰ ধৰি নাম নবীকৰণ নকৰা একাংশই এতিয়া ভিৰ কৰিছেহি নিয়োগ বিনিময় কেন্দ্রত৷

ক’ভিড–১৯ সংক্রমণৰ ৰোধৰ বাবে বিগত ৩ মাহ ধৰি নিবনুৱাসকলৰ বাবে বিশেষ টোকেনৰ ব্যৱস্থা কৰি আহিছে নিয়োগ বিনিময় কেন্দ্রই৷ প্রথম অৱস্থাত এদিনত ১০০জন নিবনুৱাক টোকেন দি নাম পঞ্জীয়ন আৰু নবীকৰণ কৰিছিল কেন্দ্রটোৰ কর্মচাৰীসকলে৷ কিন্তু বিগত ১০ দিন ধৰি এই কেন্দ্রটোন নাম পঞ্জীয়ন আৰু নবীকৰণ কৰিবলৈ ভিৰ কৰিছেহি শ শ নিবনুৱাই৷ কোনোধৰণৰ সামাজিক দূৰত্ব বর্তাই নাৰাখি বহু নিবনুৱাই এতিয়া নাম নবীকৰণ কৰিবলৈ লৰা–ঢ়পৰা কৰিছে৷

ফলত এতিয়া নিজৰ নিজৰ কার্য সম্পাদন কৰিবলৈ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে কর্মচাৰীসকলে৷ কেৱল এয়াই নহয় নাম নবীকৰণ কৰিবলৈ অহা একাংশক সামাজিক দূৰত্ব বর্তাই ৰখা আৰু মাস্ক পৰিধান কৰিবলৈ শিকাবলগীয়া হৈছে নিয়োগ বিনিময় কেন্দ্রৰ কর্মচাৰীসকলে৷ উল্লেখ্য যে মেড্রিকৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ উত্তীর্ণ শ শ নিবনুৱাৰ নাম নবীকৰণৰ বাবে থকা ৩ বছৰীয়া ম্যাদ উকলি গৈছে৷ ইয়াৰ মাজতে নতুনকৈ মেড্রিকত উত্তীর্ণ আন একাংশও নাম পঞ্জীয়ন কৰিবলৈ একেলগে আহিছে নিয়োগ বিনিময় কেন্দ্রলৈ৷

ফলত এই কেন্দ্রটোত এতিয়া সৃষ্টি হৈছে আন এক আতংকৰ৷ এফালে ক’ভিডৰ সংক্রমণ আনফালে এটা চাকৰিৰ আশাত নাম নবীকৰণৰ বাবে এতিয়া হেতা–ওপৰা লগাইছে একাংশই৷ উল্লেখ্য যে লকডাউনৰ বাবে বহিঃৰাজ্যৰ পৰা নিজ ৰাজ্যলৈ উভতি অহা একাংশ যুৱক–যুৱতীয়েও এতিয়া চৰকাৰী চাকৰিৰ আশাত নাম নবীকৰণ কৰে৷

দিল্লী, মুম্বাই, কেৰালা আদিত বিভিন্ন কোম্পানীত কাম কৰা এইসকল যুৱক–যুৱতীয়ে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে বলৱৎ কৰা লকডাউনৰ বাবে কোম্পানীসমূহ বন্ধ হৈ থকাত কর্মহীন হৈ পৰে৷ ফলত নিজ ৰাজ্যলৈ ঘূৰি অহা একাংশ শিক্ষিত যুৱক–যুৱতীয়েও চৰকাৰী চাকৰিৰ আশাত নিয়োগ বিনিময় কেন্দ্রত নাম নবীকৰণ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়৷

You might also like