চীনা কোম্পানীৰে সম্পর্ক ছেদ সন্দর্ভত অহা সপ্তাহত বি চি চি আইৰ বৈঠক
স্পনছ’ৰশ্বিপ চুক্তি পুনৰ বিবেচনা কৰিব ব’র্ডে
নিয়মীয়া বাৰ্তা, ২১ জুনঃ লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ বর্বৰ আক্রমণত ২০গৰাকীকৈ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতে সমগ্র দেশত চীনৰ বিৰুদ্ধে তীব্র ক্ষোভৰ জুই জ্বলিছে৷ চীনা সামগ্রী বর্জন কৰি সকলোৱে ৰঙা চীনৰ বিৰুদ্ধে অর্থনৈতিক যুদ্ধ ঘোষণা কৰিবলৈ সাজু হৈছে৷ এনে সময়তে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে চাইনিজ কোম্পানীৰ সৈতে স্পনছ’ৰশ্বিপ চুক্তি পুনৰ বিবেচনা কৰাৰ সিদ্ধান্ত লৈছে৷
সীমান্তত সৃষ্টি হোৱা তীব্র উত্তেজনাৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে ঘোষণা কৰিছে যে অহা সপ্তাহত অনুষ্ঠিত হ’বলগীয়া এক গুৰুত্বপূর্ণ বৈঠকত চীনা কোম্পানীৰ সৈতে থকা স্পনছ’ৰশ্বিপ চুক্তি বাতিল সন্দর্ভত বিস্তৃত আলোচনা হ’ব৷ ‘ভাৰত–চীন সীমান্তত সৃষ্টি হোৱা উত্তেজনাক লৈ আমি অত্যন্ত উদ্বিগ্ন। আমাৰ সাহসী জোৱানে শ্বহীদ হ’বলগীয়া পৰিস্থিতি উদ্ভৱ হ’ল৷ তেওঁলোকৰ বীৰত্বক আমি শ্রদ্ধা জনাইছোঁ৷
শেহতীয়া পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বি চি চি আয়ে আই পি এলৰ টাইটেল স্পনছ’ৰকে ধৰি ব’ৰ্ডৰ সৈতে জড়িত সকলো চাইনিজ কোম্পানীৰ স্পনছ’ৰশ্বিপ চুক্তি পুনৰ বিবেচনা কৰাৰ সিদ্ধান্ত লৈছে৷ এই সন্দর্ভত অহা সপ্তাহত এক বৈঠকৰ আহ্বান জনোৱা হৈছে৷’ ব’ডৰ এক সূত্রই আজি এই কথা সদৰী কৰে৷ উল্লেখ্য যে আই পি এলৰ টাইটেল স্পনছ’ৰ হ’ল চীনৰ প্রখ্যাত ম’বাইল নির্মাণ কোম্পানী ভিভ’৷ এই কোম্পানীটোৰ পৰা ব’র্ডে আই পি এলৰ টাইটেল স্পনছ’ৰশ্বিপ হিচাপে বছৰি ৪৪০ কোটি টকা লাভ কৰে৷ ভিভ’ৰ সৈতে যোৱা বছৰ বি চি চি আয়ে ৫ বছৰৰ বাবে মুঠ ২১৯৯ কোটি টকাৰ স্পনছ’ৰশ্বিপ চুক্তিত স্বাক্ষৰ কৰিছিল৷
ভিভ’ৰ সমান্তৰালকৈ আন এটা চাইনিজ ম’বাইল নির্মাণ কোম্পানী অ’প’ৰ সৈতে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড দীর্ঘদিন ধৰি জড়িত হৈ আছিল৷ বিগত বর্ষৰ ছেপ্টেম্বৰত অ’প’ৰ সলনি বাংগালুৰুস্থিত কোম্পানী বাইজুছক টীম ইণ্ডিয়াৰ স্পনছ’ৰাৰ হিচাপে ব’র্ডে দায়িত্ব দিছিল৷ ব’ৰ্ডৰ কোষাধ্যক্ষ অৰুণ ধুমালে কালি এই সন্দর্ভত কৈছিল যে চাইনিজ কোম্পানীসমূহৰ সৈতে স্পনছ’ৰশ্বিপে ভাৰতীয় অর্থনৈতিক প্রত্যক্ষ আৰু পৰোক্ষভাৱে লাভান্বিত কৰি আহিছে যদিও শেহতীয়া পৰিস্থিতিৰ পিছত স্পনছ’ৰশ্বিপ চুক্তিসমূহ পুনৰ বিবেচনা কৰিবলৈ বি চি চি আই সাজু আছে৷
কেন্দ্রীয় চৰকাৰে চাইনিজ কোম্পানীৰ সৈতে সম্পর্ক ছেদৰ কঠোৰ সিদ্ধান্ত গ্রহণ কৰিলে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব যদিও দেশৰ বৃহত্তৰ স্বার্থৰ প্রতি লক্ষ্য ৰাখি ব’র্ডে এই সিদ্ধান্তক আদৰণি জনাব বুলিও ধুমালে উল্লেখ কৰিছিল৷ ইফালে, ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডক চাইনিজ কোম্পানীৰ সৈতে স্পনছ’ৰশ্বিপ চুক্তি বাতিল কৰিবলৈ আহ্বান জনাইছে চেম্বাৰ অৱ ট্রেড এণ্ড ইণ্ডাষ্ট্রীয়ে৷ সংগঠনটোৰ আহ্বায়ক ব্রিজেশ গোৱেলে বি চি চি আইলৈ প্রেৰণ কৰা পত্রত কৈছে যে চাইনিজ কোম্পানীৰ সৈতে ব’র্ডে সম্পর্ক ছেদ নকৰিলে সমগ্র দেশৰ ব্যৱসায়ীসকলে ইণ্ডিয়ান প্রিমিয়াৰ লীগ আৰু আন আন্তঃৰাষ্ট্রীয় মেচসমূহ বর্জন কৰিব৷ চেম্বাৰ অৱ ট্রেড এণ্ড ইণ্ডাষ্ট্রীৰ এই আহ্বানক ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে কিদৰে গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ এই সন্দর্ভত এতিয়ালৈকে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ মুৰব্বী সৌৰভ গাংগুলীয়ে প্রতিক্রিয়া প্রকাশ কৰা নাই৷