বিয়া খাই দোকান–বজাৰত ঘূৰি ফুৰিছিল ক’ভিড–১৯ত আক্রান্ত যুৱকে; উঠিছিল বিভিন্নজনৰ লগত ছেলফি
নিয়মীয়া বাৰ্তা, ২১ জুনঃ যোৰহাটত প্রথমটো কণ্টেইনমেণ্ট জ’ন হিচাপে চিহ্ণিত কৰি শনিবাৰে ১ নং সোণাৰি গাঁৱৰ এটা বাইলেন জিলা প্রশাসনে ছীল কৰি দিয়ে৷ ১নং সোণাৰি গাঁৱৰ ১নং বাইলেনৰ লক্ষ্যজিৎ বৰদলৈ নামৰ যুৱকজন ডিফুৰ পৰা আহি ক’ভিড–১৯ত আক্রান্ত হৈছিল৷
কোম্পানীৰ কামত ডিফুলৈ সঘনাই অহা–যোৱা কৰা লক্ষ্যজিতৰ দুদিন পূর্বে গা বেয়া লগাত জে এম চি এইচত পৰীক্ষা কৰিছিল আৰু আজি তেওঁৰ নমুনাত ক’ভিড–১৯ পজিটিভ পোৱা যায়৷ ইয়াৰ পিছতে এতিয়া একপ্রকাৰ হাহাকাৰ লাগিছে সমগ্র যোৰহাটত৷ বিশেষকৈ যোৱা ১৬ জুনত গাঁওখনৰ এখন বিয়াত উপস্থিত আছিল যুৱকজন৷ কেৱল উপস্থিত থকাই নহয় যুৱকজনে সামাজিক দূৰত্ব নামানি বিভিন্নজনৰ লগত একেলগে ম’বাইলত ছেলফি লোৱাৰ লগতে বিভিন্নজনৰ লগত প্রত্যক্ষ সংস্পর্শলৈ আহিছিল৷ তদুপৰি দৰা গাডীৰ কাষতো ছেলফি উঠিছিল যুৱকজনে৷ উক্ত দিনকেইটাত যোৰহাট চহৰৰ বিভিন্ন ব্যক্তিৰো সংস্পর্শলৈ আহিছিল যুৱকজন৷
যাৰ বাবে সম্প্রতি সমগ্র যোৰহাট চহৰখনতে এক চেপা উত্তেজনাই বিৰাজ কৰিছে৷ আজি দুপৰীয়া যোৰহাট জিলা প্রশাসনে দণ্ডাধীশৰ উপস্থিতিত ১নং বাইলেনটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে৷ জানিব পৰা মতে কালি উক্ত যুৱকজন গাঁওখনৰ দোকান–বজাৰ সকলোতে ঘূৰি ফুৰিছিল৷ ইতিমধ্যে যুৱকজন কোন কোন ব্যক্তিৰ প্রত্যক্ষ সংস্পর্শলৈ আহিছিল, তাৰ তথ্য উদ্ধাৰ কৰিবলৈ নামি পৰিছে যোৰহাট জিলা প্রশাসন৷ ইয়াৰ মাজতে যুৱকজনৰ সংস্পর্শলৈ অহা শতাধিক ব্যক্তিক ইতিমধ্যে চিনাক্ত কৰি হোম কোৱাৰেণ্টাইন কৰাৰ লগতে ছোৱাব সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে৷ যুৱকজনৰ পৰা বহু লোকলৈ ক’ৰোনা ভাইৰাছ ইতিমধ্যে সংক্রমিত হোৱা বুলি আশংকা কৰা হৈছে৷