নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ মেৰামতিৰ দাবীত ঢেকীয়াজুলিত বিক্ষোভ কৃষক–শ্রমিক সুৰক্ষা সংগ্রাম সমিতিৰ

নিয়মীয়া বাৰ্তা, ২২ জুন: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্র এলেকাৰ কেহেৰুখন্দা গাঁও পঞ্চায়তৰ অধীনস্থ নামচুবুৰি পাণবাৰীত কৃষক–শ্রমিক সুৰক্ষা সংগ্রাম সমিতি অসমে গুৰুত্বপূর্ণ পথ নির্মাণৰ দাবীত সংগঠনটোৰ সীমিতসংখ্যক সদস্যই চৰকাৰৰ লকডাউনৰ নীতি–নির্দেশনা মানি সামাজিক দূৰত্ব বর্তাই ৰাখি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ কৃষক–শ্রমিক সুৰক্ষা সংগ্রাম সমিতি, অসমৰ সভাপতি প্রশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ কর্মকর্তাসকলে চৰকাৰে নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি পালন কৰক, নামচুবুৰি পাণবাৰীৰ পৰা ঢ়েকীয়াজুলিৰ বিদ্যুৎ সংমণ্ডল–২ কার্যালয়লৈ যোৱা সংযোগী পথ নির্মাণ কৰাৰ ব্যৱস্থা কৰক, ৰাজ্যৰ অন্যান্য প্রান্তৰ প্রতিটো জৰাজীর্ণ বাট–পথ নির্মাণৰ ব্যৱস্থা কৰক, প্রতিটো দৰিদ্র পৰিয়ালক পিএমএৱাই গৃহ প্রদান কৰক, খাদ্য সুৰক্ষাৰ পৰিয়াল পৰিচয় পত্র নথকা প্রতিটো পৰিয়ালক পৰিয়াল পৰিচয় পত্র প্রদান কৰক, লকডাউনত ৰেচনকার্ড নথকা পৰিয়ালক চৰকাৰে আগবঢ়োৱা সাহায্য বিতৰণত হোৱা দুর্নীতিৰ তদন্ত কৰক, ডিজেল–পেড্র’লৰ মূল্যবৃদ্ধি হ্রাস কৰক, কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত হোৱা দুর্নীতিৰ তদন্ত কৰক, কেহেৰুখন্দা গাঁও পঞ্চায়তৰ দুর্নীতি বন্ধ কৰক আদি বিভিন্ন শ্লোগান দি প্রতিবাদ সাব্যস্ত কৰে৷

কৃষক–শ্রমিক সুৰক্ষা সংগ্রাম সমিতি, অসমৰ সভাপতি প্রশান্ত বৈশ্যই কেন্দ্র আৰু ৰাজ্যৰ মিত্রজোঁটৰ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্রকাশ কৰে৷ তেওঁ তীব্র ভাষাৰে চৰকাৰক সমালোচনা কৰে৷ ৰাইজৰ যাতায়াতৰ ক্ষেত্রত গুৰুত্ব দি নামচুবুৰি পাণবাৰীৰ পৰা ঢ়েকীয়াজুলিৰ বিদ্যুৎ উপ–সংমণ্ডল–২ কার্যালয় হৈ ঢ়েকীয়াজুলি নগৰলৈ সংযোগী পথৰ লগতে ৰাজ্যৰ অন্যান্য প্রান্তৰ জৰাজীর্ণ বাট–পথসমূহ অতিশীঘ্রে নির্মাণৰ দাবী জনায় সংগঠনটোৱে৷

অহা ১৫ দিনৰ ভিতৰত উক্ত পথছোৱা মেৰামতিৰ ব্যৱস্থা নকৰিলে কৃষক–শ্রমিক সুৰক্ষা সংগ্রাম সমিতি আৰু সংগঠনটোৰ ভগ্ণী সংগঠন নাৰী সুৰক্ষা সংগ্রাম সমিতিয়ে পুনৰ তীব্র গণতান্ত্রিক আন্দোলনৰ কার্যসূচী গ্রহণ কৰিব বুলি কৃষক–শ্রমিক নেতা প্রশান্ত বৈশ্যই চৰকাৰক সকীয়াই দিয়ে৷ প্রতিবাদী কার্যসূচীত সংগঠনটোৰ কার্যকৰী সভাপতি জাহেদ আলী, যুটীয়া সম্পাদক অমৰ বর্মন, মাঘুৰাম স্বর্গীয়াৰী, সংগঠনটোৰ শোণিতপুৰ জিলাৰ যুটীয়া সম্পাদক ধনকান্ত সৎনামী উপস্থিত থাকে

You might also like