নিয়মীয়া বাৰ্তা ২৩ জুনঃ ক’ভিড–১৯ মহামাৰীত সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে কেন্দ্রীয়শাসিত অঞ্চল পুডুচেৰীত৷ আজি পুৱাৰ ভাগতে কেন্দ্রীয়শাসিত অঞ্চলটোত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা ৩৬৬লৈ বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত ২১৮গৰাকী ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে৷
ক’ভিড–১৯–এ সমগ্র পুডুচেৰীত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰি ৰাজ্য চৰকাৰে পুনৰ লকডাউন ঘোষণা কৰিছে৷ পুডুচেৰী চৰকাৰে আগন্তুক ২৩ জুন অর্থাৎ কাইলৈৰ পৰা বলৱৎ হোৱাকৈ ঘোষণা কৰিছে লকডাউন৷ এই লকডাউন অনুসৰি সকলো দোকান তথা বাণিজ্যিক প্রতিষ্ঠান, আনকি পেট্র’ল ডিপোসমূহ পুৱা ৬ বজাৰ পৰা আবেলি ২ বজালৈকে খোলা থাকিব৷ উল্লেখনীয় যে ৰাজ্যখনত দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে লকডাউনৰ নিয়ম কঠোৰভাৱে বলৱৎ কৰাৰ দায়িত্ব লাভ কৰিছে৷
শেহতীয়াকৈ দেশজুৰি ক’ভিড–১৯ৰ সংক্রমণৰ ঘটনা দ্রুতগতিত বৃদ্ধি পাইছে৷ গতিকে বিভিন্ন ৰাজ্যই পুনৰ ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগাবলৈ লকডাউন বলৱতৰ পোষকতা কৰিছে৷