ক’ৰোনাত আক্রান্ত টেনিছ তাৰকা ন’ভাক জক’ভিচ
মহামাৰীৰ মাজত দর্শকৰ উপস্থিতিত প্রদর্শনীমূলক মেচ আয়োজনক লৈ বিতর্ক
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ বিগত প্রায় চাৰি মাহ ধৰি সমগ্র বিশ্বৰ গতি ৰুদ্ধ কৰি দিয়া মহামাৰী ক’ৰোনা ভাইৰাছে টেনিছ বিশ্বতো খলকনি তুলিছে৷ ক্র’ৱেচিয়াৰ বর্না ক’ৰিক, বুলগেৰিয়াৰ গ্রিগ’ৰ ডিমিট্র’ভ আৰু ভিক্টৰ ট্রোইকীৰ শৰীৰত কালি ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত এই মহামাৰীয়ে বিশ্বৰ শীর্ষ স্থানপ্রাপ্ত টেনিছ তাৰকা ন’ভাক জক’ভিচক আক্রমণ কৰাৰ বাতৰি পোহৰলৈ আহিছে৷ ছার্বিয়াৰ তাৰকাগৰাকীয়ে টুইটাৰযোগে নিজেই এই কথা ঘোষণা কৰিছে৷
ক্র’ৱেচিয়াৰ জাডাৰ চহৰত এখন প্রদর্শনীমূলক টেনিছ প্রতিযোগিতাত অংশ লৈ গৃহ চহৰ বেলগ্রেডলৈ উভতি অহাৰ পিছতে জক’ভিচ আৰু তেওঁৰ পত্নী জেলেনাই স্ব–ইচ্ছাৰে ক’ভিড–১৯ৰ টেষ্ট সম্পন্ন কৰিছিল৷ তেওঁলোকৰ দুয়োগৰাকীৰে ফলাফল পজিটিভ হোৱা বুলি জক’ভিচে সদৰী কৰিছে৷ ‘বেলগ্রেডত উপস্থিত হোৱাৰ পিছতে আমি ক’ভিড টেষ্ট সম্পন্ন কৰোঁ৷ এই টেষ্টত মোৰ আৰু মোৰ পত্নী জেলেনাৰ ফলাফল পজিটিভ পোৱা গৈছে৷
সৌভাগ্যক্রমে আমাৰ সন্তানৰ শৰীৰত ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই৷’– জক’ভিচে এইদৰে কয়৷ উল্লেখ্য যে বিশ্বৰ শীর্ষ স্থানপ্রাপ্ত তাৰকাগৰাকীৰ উদ্যোগত শেহতীয়াকৈ জাডাৰ চহৰত এখন প্রদর্শনীমূলক টেনিছ প্রতিযোগিতা আয়োজন কৰা হৈছিল৷ দর্শকৰ উপস্থিতিত আয়োজন কৰা এই প্রতিযোগিতাখনে বহুকেইগৰাকী খেলুৱৈৰ শৰীৰলৈ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ বিয়পোৱাক লৈ সমগ্র বিশ্বত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ জক’ভিচৰ আমন্ত্রণক্রমে প্রতিযোগিতাখনত অংশ লোৱা বর্না ক’ৰিক, গ্রিগ’ৰ ডিমিট্র’ভ আৰু ভিক্টৰ ট্রোইকী ইতিমধ্যে ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷
ইয়াৰ পিছতে আজি জক’ভিচৰ শৰীৰত ক’ৰোনাৰ উপস্থিতি ধৰা পৰে৷ অৱশ্যে চিকিৎসকে কোনো এগৰাকী খেলুৱৈৰ শৰীৰত এতিয়ালৈকে ক’ৰোনা ভাইৰাছৰ লক্ষণ দেখিবলৈ পোৱা নাই৷ ক’ৰোনাৰ ফলত দীর্ঘদিন ধৰি স্তব্ধ হৈ থকা ক্রীড়া ক্ষেত্রখনক পুনৰ উজ্জীৱিত কৰা আৰু ঐক্য–সংহতিৰ বার্তা বিয়পোৱাৰ লক্ষ্যৰে জক’ভিচে কেইগৰাকীমান খেলুৱৈক আমন্ত্রণ জনাই এইদৰে প্রদর্শনীমূলক প্রতিযোগিতাৰ আয়োজন কৰা বুলি বিশ্বৰ আগশাৰীৰ তাৰকাগৰাকীয়ে আজি উল্লেখ কৰে৷
প্রতিযোগিতাখনৰ বাবে কেইবাগৰাকীও খেলুৱৈ ভাইৰাছত আক্রান্ত হ’বলগীয়া হোৱাত ক্ষমা বিচাৰি জক’ভিচে আশা প্রকাশ কৰে যে অনাগত দিনত সকলো সুকলমে থাকিব আৰু স্বাস্থ্য সংকটৰ পৰা পৰিত্রাণ লাভ কৰিব৷