গুৱাহাটীৰ ১১ ৱার্ডত কঠোৰ লকডাউন, এসপ্তাহত ক’ৰোনাৰ ভয়ানক সংক্রমণ
ভ্রমণ বৃত্তান্ত নথকা ১৭০ ক’ৰোনা আক্রান্তক লৈ আতংক
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ক’ৰোনা ভাইৰাছৰ হটস্পটত পৰিণত হোৱা গুৱাহাটী মহানগৰীৰ ১১টা ৱার্ডক সামৰি কালি নিশা ৯ বজাৰ পৰা বলৱৎ কৰা হ’ল ১৪ দিনীয়া কঠোৰ লকডাউন৷ মহানগৰীৰ গুৱাহাটী পৌৰ নিগম এলেকাৰ ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০ (আংশিক), ১৫ আৰু ১৬নং ৱার্ডত কালিৰে পৰা লকডাউন ঘোষণা কৰে কামৰূপ (ম) জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ এখন সংবাদ মেল সম্বোধন কৰি উপায়ুক্তগৰাকীয়ে কয় যে গুৱাহাটীত দ্রুত হাৰত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পাইছে৷ কামৰূপ (ম) জিলাত সামগ্রিকভাৱে ৫ শতাধিক ক’ৰোনা ৰোগী চিনাক্ত হৈছে যদিও ইয়াৰ ভিতৰত সৰুসজাইত ছোৱাব পৰীক্ষা কৰা আৰু বিভিন্ন হোটেলত কোৱাৰেণ্টাইনত থকা লোকো আছে৷
কেৱল মহানগৰীত ক’ৰোনা আক্রান্তৰ সংখ্যা ২৫০ৰ কম নহ’ব৷ ইয়াৰে ১৭০গৰাকী ক’ৰোনা ৰোগীৰ কোনো ট্রেভেল হিষ্ট্রী বা ভ্রমণ বৃত্তান্ত নাই৷ বিশেষকৈ যোৱা এটা সপ্তাহত মহানগৰীত ব্যাপক হাৰত এই ভাইৰাছৰ সংক্রমণৰ ঘটনা পোহৰলৈ আহিছে৷ জিলা প্রশাসনে সংক্রমণৰ ঘটনাসমূহ পর্যবেক্ষণ কৰাৰ পাছত কেতবোৰ নির্দিষ্ট অঞ্চলত আক্রান্তৰ সংখ্যা পোহৰলৈ অহাটো লক্ষ্য কৰা গৈছে৷ যাৰ বাবে কামৰূপ (ম) জিলা প্রশাসনে এই অঞ্চলসমূহত লকডাউন ঘোষণা কৰাৰ প্রস্তাৱ মুখ্য সচিবলৈ প্রেৰণ কৰে৷
মুখ্য সচিবগৰাকীয়ে এই প্রস্তাৱত অনুমোদন জনায়৷ সেই অনুসৰি কালি নিশা ৯ বজাৰ পৰা ১১টা ৱার্ডক সামৰি বলৱৎ কৰা হৈছে লকডাউন৷ উপায়ুক্ত পেগুৱে লগতে কয় যে পূর্বৰ লকডাউনতকৈ এইবাৰৰ লকডাউন অধিক কঠোৰ হ’ব৷ লকডাউন বলৱৎ হোৱা অঞ্চলত অত্যাৱশ্যকীয় কিছু সেৱাৰ বাহিৰে সাধাৰণ লোকৰ আহ–যাহ সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে৷ লকডাউন উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে দুর্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত আৰক্ষী–প্রশাসনে ব্যৱস্থা গ্রহণ কৰিব৷ আজিৰে পৰা পৰৱর্তী ১৪ দিনলৈ লকডাউন বাহাল থাকিব৷
সংবাদ মেলত উপায়ুক্তগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে গুৱাহাটীৰ প্রতিটো ৱার্ডত ক’ভিড স্ক্রীনিং চেণ্টাৰ স্থাপন কৰা হৈছে৷ দেহত লক্ষণ দেখা দিলে যিকোনো লোকেই এই কেন্দ্রসমূহত নিজৰ ছোৱাব পৰীক্ষা কৰাব পাৰিব৷ কিন্তু ছোৱাব পৰীক্ষা কৰাসকলে পৰীক্ষাৰ ফলাফল নহা পর্যন্ত ৩ বা ৪ দিনৰ বাবে আইছ’লেচনত ৰখাটো বাধ্যতামূলক৷ কোনো লোকে নিজৰ শৰীৰত ক’ৰোনাৰ লক্ষণ অনুভৱ কৰিলে ১০৪ বা ১০৭৭ নম্বৰত যোগাযোগ কৰিলে চৰকাৰ বা প্রশাসনে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব৷
আনহাতে, মহানগৰীৰ লকডাউন বলৱৎ নোহোৱা অঞ্চলসমূহতো ৰাইজক সামাজিক ব্যৱধান মানি চলাৰ লগতে বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায়৷