নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন ৱার্ডত ৰখাব নোৱাৰিব বাহন, মহানগৰীৰ মূল পথত বাহন চলাচলত নাই বাধা

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ পৰিপ্রেক্ষিতত মহানগৰীৰ ১১টা ৱার্ডত কঠোৰ লকডাউন বলৱৎ কৰা হৈছে যদিও মূল পথসমূহত যান–বাহনৰ চলাচলত কোনো বাধা–নিষেধ নাথাকিব৷ জিলা প্রশাসনে জাৰি কৰা নির্দেশনা অনুসৰি, জালুকবাৰীৰ পৰা পাণবজাৰ হৈ নুনমাটিলৈ যোৱা এম জি ৰ’ড, জালুকবাৰীৰ পৰা খানাপাৰা পর্যন্ত চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ, পল্টনবজাৰৰ পৰা খানাপাৰা পর্যন্ত জি এছ ৰোড, লখৰা চাৰিআলিৰ পৰা পল্টন বজাৰলৈ যোৱা পথ আৰু পাণবজাৰ–গণেশগুৰি সংযোগী আৰ জি বৰুৱা পথেৰে সকলো ধৰণৰ যান–বাহন চলাচল কৰিব পাৰিব৷

কিন্তু লকডাউন বলৱৎ হৈ থকা অঞ্চলসমূহত কোনো যান–বাহন চালকসকলে ৰখাব নোৱাৰিব৷ তদুপৰি যিসমূহ অঞ্চলত লকডাউন ঘোষণা কৰা হৈছে, সেই অঞ্চলৰ লোক যাতে ঘৰৰ পৰা নোলায় আৰু আন অঞ্চললৈ যাব নোৱাৰে, তাৰ প্রতি কঠোৰ দৃষ্টি ৰখা হ’ব৷ আজিৰ সংবাদ মেলত কামৰূপ (ম) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে যিবোৰ অঞ্চলত লকডাউন ঘোষণা কৰা হৈছে, তাত বিগত এসপ্তাহ ধৰি দ্রুতগতিত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পাইছে৷ উক্ত অঞ্চলসমূহত বহুকেইটা কনটেইনমেণ্ট জ’ন ইতিমধ্যে ঘোষণা কৰা হৈছে৷

কিন্তু কনটেইনমেণ্ট জ’নৰ ভিতৰতো মানুহৰ আহ–যাহ অব্যাহত আছিল৷ এনে পৰিস্থিতিত সংক্রমণ আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ কনটেইনমেণ্ট জ’নৰ ভিতৰত বা বাহিৰলৈ যাতে অধিক মাত্রাত ক’ৰোনা সংক্রমিত হ’ব নোৱাৰে, তাৰ বাবে লকডাউন বলৱৎ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ অৱশ্যে আন অঞ্চলৰ জীৱনযাত্রা যাতে ব্যাহত নহয়, তাৰ বাবে মহানগৰীৰ মূল পথত যান–বাহন চলাচলত কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই জিলা প্রশাসনে৷ কিন্তু লকডাউনৰ কবলত থকা অঞ্চলত যান–বাহন ৰখোৱাটো সম্পূর্ণৰূপে নিষিদ্ধ৷

পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খোলা থাকিব গেলামাল–পাচলি, ফল–মূলৰ দোকান

আজিৰে পৰা লকডাউন বলৱৎ হোৱা মহানগৰীৰ ১১টা ৱার্ডত পৰৱর্তী ১৪ দিনলৈ সর্বসাধাৰণ লোকৰ আহ–যাহ সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে৷ কামৰূপ (ম)ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে আজি এখন সংবাদ মেলত সদৰী কৰা মতে, লকডাউন ঘোষিত অঞ্চলসমূহত অহা ১৪ দিন কোনো লোকে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব৷ এই অঞ্চলত থকা সকলো চৰকাৰী–বেচৰকাৰী কার্যালয়, শিক্ষানুষ্ঠান, গৱেষণা প্রতিষ্ঠান, কোচ্চিং চেণ্টাৰ অহা ১৪ দিন বন্ধ হৈ থাকিব৷

একে সময়তে বাণিজ্যিক প্রতিষ্ঠান, দোকান–পোহাৰ, উদ্যোগ, ব্যক্তিগত আৰু ৰাজহুৱা পৰিবহণত ব্যৱহূত বাহনৰ চলাচল, ধর্মীয় অনুষ্ঠান, ধর্মীয় সভা–সমিতি, সকলো ধৰণৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, শৈক্ষিক, ক্রীড়া আৰু ধর্ম সংক্রান্তীয় সমাৱেশো নিষিদ্ধ ঘোষণা কৰা হৈছে৷ লকডাউন বলৱৎ হৈ থকা অঞ্চলত সুৰা, পাণ, গুট্খা, ধঁপাতৰ বিক্রী আৰু সেৱনৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ অৱশ্যে মৃতকৰ সংস্কাৰ অনুষ্ঠানত প্রশাসনৰ অনুমতি সাপেক্ষে ২০জন লোক সমৱেত হ’ব পাৰিব৷

ইফালে লকডাউনৰ পৰা কেতবোৰ বিশেষ সেৱাক ৰেহাই দিয়া হৈছে৷ মহানগৰ জিলা প্রশাসনৰ নির্দেশনা অনুসৰি লকডাউল বলৱৎ হৈ থকা অঞ্চলসমূহত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজা পর্যন্ত গেলামাল, শাক–পাচলি, ফলমূল আৰু গাখীৰৰ দোকানসমূহ খুলিব পাৰিব৷

খোলা থাকিব ফার্মাচী, মেডিকেল সেৱাৰ লগত জড়িত সামগ্রীৰ নির্মাণ আৰু যোগান প্রতিষ্ঠান, লেবৰেটৰী, ক্লিনিক, নার্ছিং হোম, এম্বুলেঞ্চ সেৱা, চিকিৎসালয়, স্বাস্থ্য সেৱাৰ লগত জড়িত প্রতিষ্ঠান আদিও৷ বেংক, এ টি এম সেৱা, সংবাদ সেৱা, কাকতৰ বিতৰণ, টেলি কমিউনিকেচন, ইণ্টাৰনেট সেৱাৰ প্রতিষ্ঠান, অত্যাৱশ্যকীয় সামগ্রী, দৰব, মেডিকেল সেৱাৰ সামগ্রীৰ সৰবৰাহো অব্যাহত ৰখাৰ অনুমতি প্রদান কৰা হৈছে৷ খোলা থাকিব পেট্র’ল পাম্প, এল পি জিৰ যোগান, বিদ্যুৎ উৎপাদন আৰু যোগান সেৱা, শীতলীগৃহ, ব্যক্তিগত সুৰক্ষা সংস্থা, অত্যাৱশ্যকীয় সামগ্রী প্রস্তুতৰ কাৰখানা আদি৷ আন উদ্যোগসমূহ জিলা উপায়ুক্তৰ অনুমতিমর্মে কমসংখ্যক লোকৰ উপস্থিতিতহে খুলিব পাৰিব৷

কোৱাৰেণ্টাইনৰ বাবে ব্যৱহাৰ কৰা হোটেল বা আৱাসিক গৃহৰ ক্ষেত্রতো একেই নিয়ম প্রযোজ্য হ’ব৷ তদুপৰি চৰকাৰী বিষয়া–কর্মচাৰী, স্বাস্থ্য সেৱা, পানী যোগান সেৱা, অগ্ণিনির্বাপক সেৱা, আইন–শৃংখলা আৰু জৰুৰীকালীন সেৱাৰ লগত জড়িত ব্যক্তি, সেনাবাহিনী, ৰাজ্যিক আৰু কেন্দ্রীয় চৰকাৰৰ অধীনস্থ আৰক্ষী, জিলা প্রশাসনৰ লগত জড়িত ব্যক্তি, গৃহৰক্ষী বাহিনী, ডাকঘৰ, এন আই চি, পৌৰ নিগমৰ জৰুৰী সেৱাৰ লগত জড়িত লোকসকলক লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে৷

একে সময়তে যাত্রীবাহী আৰু মালবাহী ৰে’লৰ চলাচলৰ লগত প্রত্যক্ষভাৱে জড়িত লোকৰ আহ–যাহ আৰু এই ৰে’ল সেৱাৰ লগত জড়িত কার্যালয় খোলাৰ ক্ষেত্রতো কোনো বাধা নিষেধ নাথাকিব৷ গাখীৰ, শিশু খাদ্যৰ যোগানৰ লগতে উপযুক্ত সাৱধানতাসহ ই–কমার্চ সেৱাও অব্যাহত ৰাখিব পাৰিব৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সদৰী কৰা মতে, লকডাউন বলৱৎ হৈ থকা অঞ্চলসমূহত অত্যাৱশ্যকীয় সামগ্রী, শাক–পাচলিৰ যাতে কোনো নাটনি নহয়, তাৰ বাবে জিলা প্রশাসনে বিশেষ ব্যৱস্থা গ্রহণ কৰিব৷

You might also like