নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাৰ নৱনির্বাচিত ৬২ সাংসদৰ ৫২গৰাকী কোটিপতি

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ দেশৰ সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ নতুনকৈ নির্বাচিত ২৬ শতাংশ সদস্যৰ বিৰুদ্ধেই আছে অপৰাধ গোচৰ৷ ইয়াৰ উপৰি উচ্চ সদনলৈ নির্বাচিত ৮৪ শতাংশ সদস্য হৈছে কোটিপতি৷ একে সময়তে নৱনির্বাচিত সাংসদসকলৰ ১৬ শতাংশৰে শিক্ষাগত অর্হতা অষ্টম আৰু দ্বাদশ শ্রেণীৰ ভিতৰত বুলি নেচনেল ইলেকচন ৱাট্ছ আৰু এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফ’মছ (এডিআৰ)ৰ বিশ্লেষণত প্রকাশ পাইছে৷ নৱনির্বাচিত সাংসদসকলে মনোনয়ন দাখিলৰ সময়ত সংলগ্ণ কৰা শপতনামাৰ বিশ্লেষণ কৰিছে দুয়োটা সংস্থাই৷ নতুনকৈ নির্বাচিত মূল ৬২গৰাকী সাংসদৰ ১৬গৰাকীয়েই অপৰাধ গোচৰ থকা বুলি ঘোষণা কৰিছে৷ ইয়াৰ ভিতৰত ১১গৰাকীৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধৰ অভিযোগ৷ হত্যা, হত্যাৰ চেষ্টা, ধর্ষণ, ডকাইতি আদি গোচৰত জড়িত হৈ আছে এই সাংসদসকলৰ নাম৷ মুঠ ৫২গৰাকী সাংসদেই হৈছে কোটিপতি৷ ইয়াৰে অন্ধ্রপ্রদেশৰ দুগৰাকী সাংসদৰ সম্পদৰ পৰিমাণ ক্রমে ২৫৭৭ কোটি আৰু ৩৯৬ কোটি৷ লক্ষণীয়ভাৱে ৫০ শতাংশ সাংসদ স্নাতক, ২৩ শতাংশ স্নাতকোত্তৰ আৰু ১০ শতাংশ ডক্টৰেট ডিগ্রীধাৰী বুলি শপতনামাত উল্লেখ কৰা হৈছে।

You might also like