নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবৰ সভাকক্ষ এসপ্তাহলৈ বন্ধ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি পুনৰ কাইলৈৰ পৰা গুৱাহাটী প্রেছ ক্লাবৰ সকলো কার্যসূচী অহা ৭ দিনৰ বাবে বাতিল কৰা হৈছে৷ প্রেছ ক্লাবৰ কার্যনির্বাহক সমিতিৰ ক্রীডা সম্পাদক ধীৰাজ হাজৰিকাৰ পত্নীৰ দেহত দুর্ভাগ্যজনকভাৱে ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাত সকলো বিষয় পর্যালোচনা আৰু জিলা প্রশাসনৰ সৈতে আলোচনা অনুসৰি এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে এক বিজ্ঞপ্তিত এই কথা সদৰী কৰে৷ উল্লেখ্য যে ধীৰাজ হাজৰিকা প্রেছ ক্লাবলৈ অহা–যোৱা কৰাৰ লগতে অন্যান্যসকলৰ সংস্পর্শলৈ অহাৰ পৰিপ্রেক্ষিতত তেওঁৰ সংস্পর্শলৈ অহা সকলোকে ‘ছেল্ফ কোৱাৰেণ্টাইনত’ থাকিবলৈ প্রেছ ক্লাবৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে৷ ইতিমধ্যে ধীৰাজ হাজৰিকাৰ ছোৱাব পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷ তেওঁৰ পৰীক্ষাৰ ৰিপ’ট নহাপর্যন্ত প্রেছ ক্লাবলৈ সঘন আহ–যাহ কৰা সকলোকে সাৱধানে থাকিবলৈ অনুৰোধ জনোৱা হৈছে৷ আনহাতে অহা সপ্তাহত বিভিন্ন কার্যসূচীৰ বাবে প্রেছ ক্লাবৰ সভাকক্ষ বুকিং কৰা দল–সংগঠন তথা ব্যক্তিসকলক বিকল্প ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হল৷ প্রেছ ক্লাবৰ সকলো কার্যসূচী বাতিল কৰিবলগীয়া হোৱা বাবে সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে সংশ্লিষ্ট সকলোৰে ওচৰত ক্ষমা বিচাৰিছে৷

You might also like