৩০খন আসন লাভ কৰি বিপিএফে পুনৰ দখল কৰিব বিটিচি
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ সমাগত বিটিচি পৰিষদীয় নির্বাচনৰ দিন ঘোষণা নকৰিলেও বিভিন্ন ৰাজনৈতিক দলে বিটিএডিৰ চাৰিওখন জিলাত ভিতৰি ভিতৰি ব্যাপক নির্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে৷ আজি পৰিবহণ মন্ত্রী চন্দন ব্রহ্ম, ৰাজ্যসভাৰ সাংসদ তথা বিপিএফৰ কার্যকৰী সভাপতি বিশ্বজিৎ দৈমাৰীয়ে তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত ২৬নং দৰঙাজুলি আৰু ২৮নং গয়বাৰী বিটিচি পৰিষদীয় সমষ্টি পৰিভ্রমণ কৰে৷ ২৬নং দৰঙাজুলি ব্লক বিপিএফৰ কার্যালয়ত উপস্থিত হৈ দলীয় নেতা–কর্মীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত সাংবাদিকৰ আগত মন্ত্রী ব্রহ্মই কয়– হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিপিএফ দলৰ এই পর্যন্ত সাংগঠনিক ভেটি যথেষ্ট মজবুত আছে৷
বিটিচি পৰিষদৰ চল্লিশটা সমষ্টিৰ ভিতৰত ত্রিশটা সমষ্টিত বিপিএফ দলৰ প্রার্থীয়ে জয়লাভ কৰি চতুর্থবাৰৰ বাবে বিটিচি পৰিষদ দখল কৰিব আৰু হাগ্রামা মহিলাৰীয়েই পুনৰ বিটিচিপ্রধানৰ দায়িত্ব গ্রহণ কৰিব৷ বিপিএফ–বিজেপি–গপ মাজত মিত্রতা সন্দর্ভত মন্ত্রীগৰাকীয়ে কয় যে দুই–এক মন্ত্রী–বিধায়কে মিত্রতাৰ ক্ষেত্রত যি মন্তব্য দি আহিছে, সেয়া তেওঁলোকৰ ব্যক্তিগত মন্তব্য৷ দলীয়ভাৱে বিপিএফ–বিজেপি–গপ মিত্রতা অদ্যাপি অটুট আছে৷
একাংশ সংবাদ মাধ্যম আৰু সামাজিক প্রচাৰ মাধ্যমত চন্দন ব্রহ্মকে ধৰি বিপিএফৰ কেইজনমান মন্ত্রী–বিধায়ক তথা নেতা বিজেপিলৈ যাব বুলি প্রচাৰ চলি থকা সন্দর্ভত সোধা এক প্রশ্নৰ উত্তৰত তেওঁ কয় যে তেওঁ বিজেপিলৈ যাব বুলি অপপ্রচাৰ চলোৱা কথাটো অতি হাস্যকৰ আৰু দুর্ভাগ্যজনক বিষয়৷ যিসকলে অপপ্রচাৰ চলাইছে, তেওঁলোকৰ বিৰুদ্ধে অচিৰেই আইনী ব্যৱস্থা গ্রহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্রী ব্রহ্মই৷ ইপিনে, মন্ত্রীগৰাকীয়ে দৰঙাজুলি ব্লক বিপিএফৰ কার্যালয়ত দলীয় নেতা–কর্মীৰ উপস্থিতিত এখন দলীয় সভাত ভাগ লয়৷
এই দলীয় সভাত দৰঙাজুলি বিটিচি পৰিষদীয় সমষ্টিৰ বিভিন্ন দল–সংগঠনৰ পৰা তিনি শতাধিক পুৰুষ–মহিলা, যুৱক–যুৱতীয়ে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে৷ যোগদান কৰা ব্যক্তিসকলক মন্ত্রী ব্রহ্ম, ৰাজ্যসভাৰ সাংসদ দৈমাৰী, বৰমাৰ বিধায়ক মনেশ্বৰ বডো, দৰঙাজুলি সমষ্টিৰ বিপিএফৰ প্রার্থী তথা দৰঙাজুলি ব্লক বিপিএফৰ সভাপতি বিজিৎগৌৰা নার্জাৰী, যুৱ বিপিএফৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰীয়ে ফুলাম গামোচাৰে আদৰণি জনায়৷