হোজাইত নৱবিবাহিতাৰ ৰহস্যজনক মৃত্যু, ধৃত দুজন
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ হোজাইৰ ইছলাম নগৰৰ সমীপৰ টেংৰীপাৰ গাঁৱত আজি পুৱতি নিশা এগৰাকী নৱবিবাহিতাই চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গাঁওখনৰ ৱাহিদুল আলম নামৰ যুৱকজনে প্রায় ৪ মাহ পূর্বে হোজাই হাৱাইপুৰ অঞ্চলৰ পশ্চিম বে–গাঁৱৰ নুৰুল হকৰ কন্যাক সামাজিক নিয়ম অনুসৰি বিবাহ কৰাইছিল৷ আজি পুৱা প্রায় ৫ বজাত নৱবিবাহিতা ৰুবিনা ইয়াছমিন (১৯)ক স্বামীগৃহৰ ৰান্ধনী ঘৰত চিপ লোৱা অৱস্থাত উক্ত পৰিয়ালৰ লোকে প্রত্যক্ষ কৰাৰ পিছত চৌদিশে হুৱাদুৱা লাগে৷
পিছত হোজাই ৰাজহ চক্র বিষয়া তথা দণ্ডাধীশ মৃদুস্মিতা বৰাৰ নির্দেশ মর্মে নীলবাগান আৰক্ষী পহৰা চকীৰ ভাৰপ্রাপ্ত বিষয়া মুজিবুৰ ৰহমানে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকৰ অভিযোগ মতে, স্বামী ৱাহিদুল আলমৰ পৰিয়ালৰ লোকে ৰুবিনাক মিলি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে৷ মানসিক–শাৰীৰিকভা নৱবিবাহিতাক নির্যাতন কৰা বুলি পিতৃগৃহৰ লোকে অভিযোগ কৰি কয় যে যোৱানিশাও স্বামী–স্ত্রীৰ মাজত কাজিয়া হৈছিল৷ আনহাতে, স্বামীগৃহৰ লোকে মহিলাগৰাকীয়ে আত্মহত্যা কৰা বুলি দাবী কৰিছে৷
মহিলাগৰাকীৰ মূৰত আঘাতৰ চিন থকা বুলি পিতৃগৃহৰ লোকে অভিযোগ কৰিছে৷ মহিলাগৰাকীক স্বামীগৃহৰ লোকে দীর্ঘদিনৰ পৰা অত্যাচাৰ চলাই আছিল বুলি একাংশই অভিযোগ কৰে৷ নীলবাগান আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ আনহাতে, হত্যাত অভিযুক্ত স্বামী ৱাহিদুল আলমসহ দুজনক আটক কৰি আৰক্ষীয়ে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে৷ ইপিনে, মহিলাগৰাকীৰ পিতৃগৃহৰ লোকে নীলবাগান আৰক্ষী পহৰা চকীৰ সন্মুখত সমৱেত হৈ উচিত তদন্তসাপেক্ষে ন্যায় বিচাৰি আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ হস্তক্ষেপ কামনা কৰে৷