অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ আছে ১২টা গোচৰ
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ আছে ১২টা গোচৰ৷ ইয়াৰে ১১টা গোচৰত ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে গগৈক৷
এই কথা উচ্চ ন্যায়ালয়ত অৱগত কৰিছে অসম আৰক্ষীয়ে৷ উল্লেখ্য যে এটাৰ পাছত আন এটা গোচৰত গ্রেপ্তাৰ কৰি আহিছে কৃষক নেতাজনক৷ সেয়েহে গগৈৰ বিৰুদ্ধে থকা আটাইবোৰ গোচৰৰ সবিশেষৰ লগতে ন্যায় বিচাৰি তেওঁৰ পত্নীয়ে এখন লেখ আবেদন দাখিল কৰিছিল৷ এই আবেদনৰ শুনানিৰ সময়ত কৃষক নেতাজনৰ বিৰুদ্ধে থকা গোচৰৰ সবিশেষ দাখিল কৰিবলৈ নির্দেশ দিছিল৷
ইয়াৰ ভিত্তিত অসম আৰক্ষীয়ে দাখিল কৰা শপতনামা অনুসৰি এতিয়াও চাবুৱা আৰক্ষী থানাত ৰুজু হৈ থকা এটা গোচৰত গগৈক গ্রেপ্তাৰ কৰা হোৱা নাই৷