নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ জ্বৰ, কাঁহ–পিতল কিবা হৈছে নেকি? ‘আতংক নহ’ব’

বহুদিন হ’ল, ‘কেব্’, ‘কা’, বাংলাদেশী, দুর্নীতি, শিক্ষক নিযুক্তিত কেলেংকাৰী, গ্রাহক শোষণ, যান–বাহন দুর্ঘটনা, ক’ভিড্–১৯ আদি ইত্যাদিক লৈ এই অভাজনে কলম পিহি থাকোঁতে, চিৰ এলাগী মোৰ ভাষা ফেদেলীৰ পূজাৰীগণে ফেদেলীৰ গালে–মুখে, নাকে–কাণে, গলে–মূৰে, পিঠিয়ে–পেটে অহোৰাত্রি শোধাই থকা চৰ, ভুকু, ঘোঁচা, কাণচেপা, গতা, ঠলামূৰি, খকৰামুকুটি, থিয় গোৰ আদি অঞ্জলি, আৰতি গিলাখানৰ জোলোঙাটো মেলিবলৈ সুৰুঙাকে পোৱা নাই৷ লোকগণৰ জিভা আৰু কলমৰ আগত আৰু বাকচৰ জনগণৰ জিভা আৰু আঙুলিৰ আগত বাক্যৰ গাঁথনি, শব্দৰ বানান আৰু উচ্চাৰণ, বাক্যত কর্তা, কর্ম, ক্রিয়া, প্রত্যয়, এই আটায়ে নিতৌ যি লাগ্–বান্ধ্ নোহোৱা, বিসংগতিপূর্ণ ৰূপ লৈছে, তালৈ চালে আশংকা হয় যেন, অসমীয়া, – ভাষা গুচি, ক্রমাৎ, ব্যাকৰণবিহীন, সুনির্দিষ্ট বিধিবিহীন, এটা দোৱানলৈ পর্য্যবসিত হৈ গৈ আছে ঃ যেন, – বঙলুৱা হওক, হিন্দুস্তানী হওক, ‘অংৰেজী’ হওক, যাৰে যি ঠাচতে (‘ঠাঁচ’ নহয় সেইটো, চৰ মাৰিলে হোৱা অনুকাৰ শব্দহে) ক’বলৈ বা লিখিবলৈ মন যায়, সেই ঠাচতে ক’ব আৰু লিখিব পৰাৰ অনুজ্ঞা (লাইছে’ন্স্– ‘ঞ্চ্’ নহয়) থকাটোৱেয় অছমীয়া ভাছা– ভাতটো, পানীটো, চাহটো, ‘গেট (গেইট্)টো’ ইত্যাদি অনন্ত কোটি৷

সম্প্রতি যেনCoronavirus–ৰ যুগহে৷ ঘৰুৱা কথা–বার্তাতে হওক বা সংবাদ মাধ্যমতে হওক, এতিয়া সর্বত্র চর্চাৰ প্রধান বিষয়Corona (.)৷ শব্দটোৰ উচ্চাৰণ আৰু অসমীয়া লিপ্যন্তৰকৰণক লৈ অনেক মতামত আৰু সৰু–সুৰা বিতর্ক প্রকাশিত হৈছে৷ মই নিজে ইতিপূর্বে এই বিষয়ত মোৰ মত প্রকাশ কৰিছোঁ আৰু মই আগবঢ়োৱা অসমীয়া ৰূপটো (–কৰ’না–) চাৰিখন বাতৰি কাকতে আৰু দুটা বাকচে (টী ভী চেন্লে) গ্রহণ আৰু ব্যৱহাৰ কৰিছে৷ ডঃ ৰমেশ পাঠক আৰু ডঃ সুমন্ত চলিহাৰো মত একে৷ কিন্তু বিভিন্ন কিচিমৰ বানান চলাই থকা হৈছে ঃ যুক্তিৰ কথা নাই, যাৰ যেনেকৈয়ে মন যায়, যেনেকৈয়ে খুচী, তেনেকুৱাকৈয়ে৷ পিচে, আন যি বানান হওক বা নহওক, সম্প্রতি চলন্ত হৰেক কিচিমৰ ভিতৰত এই – ক’ৰোনা–ৰূপী কিচিমটো কোনোপধ্যে গ্রহণীয় নহয়৷ কিয়নো, এই বানানটো অনুসাৰে, ‘শব্দ’টো সহজে উচ্চাৰণ কৰিব পৰা নাযায়৷ তাৰ প্রথম আখৰটো (ক) কৰা হৈছে অ’– ধ্বনিসূচক (ক’), আৰু, দ্বিতীয় আখৰটো (ৰ) কৰা হৈছে ও–ধ্বনিসূচক (ৰো) শেষত– না–টো আছে= ক’ৰোনা৷ এতিয়া চেষ্টা কৰি চাওকচোন, – ক’–বুলি কৈ উঠিয়েই – ৰো–বুলি ক’বলৈ ল’লে জিভাখন সহজে ঘূৰেনে নুঘূৰে৷ ক্ষন্তেক দৰক ধৰি ল’বলগীয়া হয়৷ গতিকে, উচ্চাৰণটো, যিয়ে যেনেকৈ পাৰে, তেনেকৈয়ে কৰিছে, কিন্তু বানান হ’লে সেইটোতে খামোচ মাৰি ধৰি আছে ঃ স্থিতপ্রজ্ঞ
Corona শব্দটো হৈছে লেটিন্ মূলৰ৷ তাৰ অর্থ একাধিক৷ তাৰে এটা অর্থ হ’ল – মুকুট, ক্রাউন্ crown)৷ সৰু মুকুট বুজোৱাcoronet বোলা শব্দটোৰো উৎসও হ’ল এইcorona (.)৷ ইয়াৰ আন এটা অর্থ হ’ল সূর্য্য বা চন্দ্রৰ চৌদিশে থকা ৰঙীণ বলয় বা আঙঠি৷ তৃতীয় এটা অর্থ হ’ল মমবাতি বা অন্য বন্তিৰ ঘূৰণীয়া দানি – chandelier (শব্দটো ফৰাঁছী মূলৰ এতেকে ‘চেন্ডিলীৰ্’ নহয়, ‘শেন্ডিলীৰ্’–হে)৷ সম্ভৱতঃ, বর্তমান বহুচর্চিত কীটানুটো ঘূৰণীয়া আৰু ৰঙীণ হোৱা হেতুকেই তাৰো নাম দিয়া হৈছেcorona (.)৷ নাজানো৷ সি যি কি নহওক, আৰু, শব্দটোৰ অর্থও যিটোকে লোৱা হওক লাগে, কেউটা অর্থতে, আন্তর্জাতিক ধ্বনিতত্ত্বৱিদ ডেনিয়ে’ল জৌন্য্ আৰু একাধিক ইংৰাজী অভিধানৰ মতে,Corona-ৰ উচ্চাৰণ হ’ল – ‘কৰৌনা’৷ কিন্তু লিখিত ৰূপতে হওক বা কথিত ৰূপতে হওক, অসমীয়া বাক্য বা কথাৰ মাজত ই গোটে গোটে খাপ নাখায় মানে ইয়াক এনেকৈয়ে গিলিবি খুজিলে ডিঙিত কাঁইট লগাৰ ভয়৷ সেয়ে, শিৱ দৌল, জয় দৌল, বিষ্ণু দৌল, দেৱী দৌল, থাওৰা দৌল, ব’গী দৌল আদিয়ে মানুহৰ মুখত যথাক্রমে শিৱ দ’ল, জয় দ’ল, বিষ্ণু দ’ল, দেৱী দ’ল, থাওৰা দ’ল আৰু ব’গী দ’ল ৰূপ লোৱাৰ দৰে, ‘বৈশাখ’–টো ব’হাগ, আৰু ‘মৈৰা’–টো (কৃষ্ণৰ মাথে মৈৰাৰ পাখি) ম’ৰা হোৱাৰ দৰে, – মই ‘কৰৌনা’–ৰ ঠাইত – কৰ’না–ৰ ব্যৱহাৰৰ পোষকতা কৰোঁ৷

কিন্তু কিস্তি মাৎ কৰি দিয়া ‘শব্দ’টো, ক’ৰোনা, কোৰোনা, কৰণা কিম্বা আন একোটো নহয়৷ সেইটো হৈছে নিতৌ চৌদিশে উচ্চাৰিত হৈ থকা ‘কৰুনা’টোহে (কেতিয়াবা দুই–এঠাইত ‘কৰুণা’ৰ বেশত লিখিতও) এইটো আহিল ক’ৰ পৰা? কেনেকৈ? ৰৌমান লিপিত লিখিত মূল শব্দটোতোCoruna বাKaruna নহয় অথচ, বাকচত বাতৰি পঢ়োঁতা, ক’ৰবাত হাতত বূম্টো লৈ একেকেইটা কথা, একেকেইটা বাক্যকে ঘূৰাই–পকাই নিৰন্তৰ পুনৰাবৃত্তি কৰি থকা ক্ষেত্রভিত্তিক সংবাদদাতা, কেতিয়াবা কোনোবাজন মুখ্য সম্পাদককে ধৰি, আলোচনাৰ আঁত ধৰোঁতা, বিভিন্ন বর্গ বা পদমর্য্যাদাৰ ইজন–সিজন সম্পাদক আদি ইত্যাদিৰ মুখত অহৰহ মাথোন ‘কৰুনা’ হে ‘কৰুনা’ মাথোন বাকচতে নহয়, কাৰোবালৈ ফোন এটা কৰিলেও – ‘কৰুনাৰ বিৰুদ্ধে গোটেই দেশ যুঁজি আছে (দেশ যুঁজা নাই, দেশেহে যুঁজিছে) আমি ৰোগৰ সৈতেহে যুঁজি লাগে, ৰোগীৰ সৈতে নহয়, … কৰুনাৰ হ’ব পতন’ বুলি সিফালৰ পৰা অহা হুকুমসুৰীয়া পৰামর্শসূচক বাণীৰে বাণীবদ্ধ, মহিলা কণ্ঠস্বৰটোতো বাৰম্বাৰ মাথোন সেই ‘কৰুনাভাইৰাছ্, কৰুনা’ আৰু ‘কৰুনা’ – কৰ’না–আৰু–কৰুনা–ৰ মাজৰ ধ্বনিগত পার্থক্যটোও ধৰিব নোৱাৰেনে? আজব কাণ্ড, অসমীয়া জিভা আৰু অসমীয়া কাণৰ আজব কাণ্ড এনে দৰে দেখোন–শিৱ দ’ল, বিষ্ণু দ’ল, তই ক’ত আছ, জাবৰৰ দ’ম, ঘৰলৈ যাওঁ ব’ল – আদিৰ ঠাইত ‘শিৱ দুল, বিষ্ণু দুল, তই কুত আছ, জাবৰৰ দুম আৰু ঘৰলৈ যাওঁ বুল’ – বুলিহে ক’ব লাগিব বোধ কৰোঁ, কৰুণাময় ভগৱানৰ কথা বেছিকৈ চিন্তা কৰি থকা হেতুকেহে অলেখ অসমীয়া লোকৰ মুখত – কৰ’না–য়ো সেই ৰূপ লৈছে পৰিচিতিৰ বলতে তেনে হয়৷ সম্ভৱতঃ আশা ভোঁস্লে’ আৰু আশা পৰে’খ–ৰ নামকেইটাৰ লগত সহজ পৰিচিতিৰ ফলতে, আসাৰাম Asaram) বাপু নামৰ ভণ্ড সাধুবাবা এফেৰাৰ নামটো অলেখ অসমীয়া লোকে ‘আশাৰাম Asharam) বাপু’ ৰূপে লিখিবলৈ নেৰিলে তালব্য, মূর্ধন্য, দন্ত্যক লৈ অসমীয়া ভাষাত কত যে বিভ্রান্তি, কত যে মনোৰম কাহিনী৷ উপায় নাই কোনোজন বাকচ সাংবাদিকে বূম্যোগে ক্ষেত্রভিত্তিক বাতৰি দিওঁতে ‘কমন্ কার্প্’ নামৰ মাছবিধ হৈ পৰেগৈ ‘কোমল কাঠ’

Coronavirus–এ প্রায় সমস্ত গ্রাস কৰিছে গ্রাস কৰিছে সংবাদ মাধ্যমকো৷ নিতান্ত স্বাভাৱিক কথা৷ এই ভাইৰাছ্টোৱে অনা ক’ভিড্–১৯ ৰোগটোৱে সমগ্র বিশ্বত সৃষ্টি কৰিছে এটা অভূতপূর্ব, অকল্পনীয় বিপর্য্যয়৷ ফলস্বৰূপে, ক’ভিড্–১৯ সম্পর্কীয় বাতৰিয়ে অন্যান্য প্রায় সকলো বাতৰিকে ঠেলি–হেঁচি বাহিৰ কৰি মূল শিৰোনাম দখল কৰিছে৷ আন কথাত, এই মহামাৰীৰ বাতৰিৰ কোবত অন্য বহুতো গুৰুত্বপূর্ণ বাতৰিয়ে ‘মাৰ খাইছে’৷ আনহাতে, পূর্বৱর্তী তথা অন্যান্য ‘বিষয় যুগ’ৰ তুলনাত Corona যুগ’–ত সংবাদ মাধ্যমে, বিশেষতঃ বাকচ মাধ্যমে, অসমীয়া ভাষাৰ মূৰত কেনেকৈ ৰামটাঙোন শোধাইছে আৰু কঁকালত কেনেকৈ ৰাইডাঙৰ কোব দিছে, চাওক৷

ক’ভিড্–১৯ৰ লক্ষণসমূহৰ ভিতৰৰ কেইটামান লক্ষণ হেনো, – জ্বৰ, কাহ, পেটৰ অসুখ, উশাহ লোৱাত অসুবিধা ইত্যাদি৷ এতিয়া, – ‘কাহ’–cough-কফ্ ‘কাফ্’ নহয়) হৈছে, ডিঙি সুৰসুৰালে, ভুক্তভোগীয়ে সুৰসুৰণি মাৰিবলৈ চেষ্টা কৰোঁতে হোৱা শব্দ৷ আনহাতে,– ‘কাঁহ’ Brass-ব্রাস্/ছ্) হৈছে কাঁহী, বাটি (‘বাতি’ মানে চাকি), ঘটী, ঘণ্টা আদি তৈয়াৰ কৰোঁতে ব্যৱহূত, ঈষৎ হালধীয়া এবিধ ধাতু৷ পিচে, বাতৰি সম্প্রচাৰৰ সময়তে হওক বা আন সময়তে হওক, কেইবাটাও বাকচৰ পর্দাত সঘনাই জাজ্বল্যমান হৈ থকা, ক’ভিড্–১৯ৰ লক্ষণসমূহ সম্পর্কীয় সাধাৰণ বিজ্ঞপ্তিত তথা আপোনাক পোনপটীয়াকৈ কৰা প্রশ্ণত, ৰোগটোৰ এটা বিশেষ লক্ষণৰ নামটোৰ বানানটো মন কৰিছেনে, – যথাঃ ‘জ্বৰ, কাঁহ…’ ইত্যাদি, আৰু – ‘আপুনি বাৰু জ্বৰ, কাঁহ, পেটৰ অসুখ, বুকুৰ বিষ… ভুগিছেনেকি?’ (?) তেনে হ’লে আপোনাৰ ডিঙিত কাঁহৰ কিবা বাচন বর্তন লাগি থাকিবও পাৰে আৰু কাঁহৰ বাচন লাগি থাকিলে, ডিঙিত পিতল, তাম আদিৰ বাচন লাগি ধৰাটোও, ৰোগটোৰ অন্যতম লক্ষণ হ’ব নিশ্চয় চন্দ্রবিন্দু থকা শব্দৰ অনুনাসিক উচ্চাৰণ আৰু চন্দ্রবিন্দু নথকা প্রায় একে ধৰণৰ শব্দৰ সাধাৰণ উচ্চাৰণৰ মাজত যে স্পষ্ট পার্থক্য আছে, আৰু সেই দুয়োবিধৰ শব্দৰ বানান আৰু উচ্চাৰণৰ পার্থক্য অনুসাৰে সিবিলাকৰ নিজা নিজা অর্থৰ মাজতো বিস্তৰ পার্থক্য থাকে, সেই সামান্য কথাটো নজনাকৈয়ে বাতৰি লিখি আৰু পঢ়ি, মুঠৰ ওপৰত বাতৰি পৰিৱেশন কৰি থকাটো যে কিমান উদ্ভট তথা লজ্জাজনক কথা, সেইটো ভাবিলেই গা জিকাৰ খাই উঠে৷ প্রাথমিক পর্য্যায়ৰে পৰা শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকলে ছাতৰগণক কি শিকায়, সিসৱে নিজেনো কোনবোৰ শব্দ কেনেকৈ উচ্চাৰণ কৰে, সেইটোও তাইজ্জুপ মানিবলগীয়া কথা৷

চন্দ্রবিন্দু থকা শব্দ আৰু নথকা শব্দৰ বানান, উচ্চাৰণ আৰু অর্থৰ পাৰস্পৰিক পার্থক্যৰ নূন্যতম (বেছিভাগ লোকৰ মুখত – ‘নুইন্নতম’) ধাৰণাৰ অভাৱৰ ফলতেই কাকত আৰু বাকচ, এই দুয়োখন পথাৰৰে অনেক (সকলো নহয়) সাংবাদিকৰ কলম আৰু জিভাৰ আগত কোনোবা প্রেমিকা লাজত ‘জঁই পৰি’ যোৱাৰ পৰিৱর্তে, যায় ‘জয় পৰি’ দৰাচলতে, এই ‘জঁই’–টোৰ লগত অনেকৰে ‘মুলাকাত্ভী নহী হুয়ী’৷ উল্লিখিত পার্থক্যৰ ধাৰণাৰ অভাৱৰ হেতুকেই বহু সময়ত চৰাই বাহ (নে’স্ত্) বোৰো হৈ পৰে ‘চৰাইৰ বাঁহ’ (বেম্বূ ট্রী) আৰু, তাৰে ধাৰ শুজিবৰ বাবে চাগৈ, – বাঁহৰ পাচি, খৰাহি, ডলা, কুলা, চালনী আদিও হৈ পৰে ‘বাহৰ পাচি, খৰাহি…’ কিহবাৰ প্রতিবাদ বা কিবা দাবীত ইটো সিটো সংগঠনে হাতত জোঁৰ লৈ কৰা সমদল যাত্রাবোৰ ‘জোঁৰ সমদল’–ৰ ঠাইত হৈ পৰে ‘জোৰ সমদল’ (গাৰ জোৰেৰে কৰা সমদল যাত্রা? হ’বও পাৰে) এহাতে, কাজিৰঙা, মানাহ, পবিতৰা আদিৰ গঁড় Rhinoceros) বোৰ হয়গৈ ‘গড়’ Rampart), আৰু, আনহাতে, নুমলীগড়, জোঙাল বলহু গড়, লাহদৈ গড়, চামধৰা গড়, বৈদ্যগড়, মোমাইকটা গড় আদি গড় বা কোঠবোৰে ৰূপ লয় ‘নুমলী গঁড়, জোঙাল বলহু গঁড়, লাহদৈ গঁড়, চামধৰা গঁড়, বৈদ্য গঁড়’ আৰু ‘মোমাইকটা গঁড়’–ৰ (গঁড়ে খর্গটোৰে খোঁচেহে এতেকে, ‘মোমাই খোঁচা গঁড়’?)৷
বুজনসংখ্যক অসমীয়া মানুহৰ অন্যান্য বানান পুৰাণৰ দৰে, চন্দ্রবিন্দুৰ পুৰাণখনো এখন ওলোটা পুৰাণঃ যেনেকৈ, দন্ত্য বর্ণৰ ঠাইত মূর্ধন্য বর্ণ আৰু মূর্ধন্য বর্ণৰ ঠাইত দন্ত্য বর্ণ, তেনেকৈ, – চন্দ্রবিন্দুৰ বেলিকাও, – ‘হওক, লওক, কওক, খাওক, চাওক, থওক, যাওক, ৰওক, নেওগ’ আদি যিবোৰ শব্দত চন্দ্রবিন্দুৰ বাবে মুঠেও সুৰুঙা নাই, সিবোৰক মুক্তহস্তে বিস্তৰ চন্দ্রবিন্দু প্রদান যোগে, যথাক্রমে ‘হওঁক, লওঁক, কওঁক, খাওঁক, চাওঁক, থওঁক, যাওঁক, ৰওঁক, নেওঁগ’ আদি ৰূপত সালংকৃত কৰি ৰাজহুৱা সন্মান প্রদর্শন আৰু, বিপৰীতে, – ‘হওঁতে, লওঁতে, কওঁতে, খাওঁতে, চাওঁতে, থওঁতে, যাওঁতে, ৰওঁতে, দিওঁতে, নিওঁতে, চাওঁতাল (মূল–সান্থাল)’ আদি যিবোৰ শব্দত চন্দ্রবিন্দুৰ প্রয়োগ অপৰিহার্য্য, সেইবোৰৰ পৰা তাক ‘টা–টা, বাঈ–বাঈ’ দি, তাকে প্রয়াত কৰি ( ) সেইবোৰক যথাক্রমে, ‘হওতে, লওতে, কওতে, খাওতে, চাওতে, থওতে, যাওতে, ৰওতে, দিওতে, নিওতে আৰু চাওতাল’ আদি মুকুটবিহীন ৰূপ প্রদান৷ বহু লোকেই নাজানে, বহুতেই জানিলেও পাহৰি গৈছে বা আওকাণ কৰিছে যে দৰাচলতে, – ‘হওঁতে, লওঁতে, কওঁতে…’ আদি শব্দবোৰ পৌৰাণিক অসমীয়াৰ ‘হৱন্তে, লৱন্তে, কহন্তে, খাৱন্তে, চাৱন্তে, থৱন্তে, যাৱন্তে, ৰৱন্তে, দিয়ন্তে নিয়ন্তে’ আদি শব্দৰ আধুনিক ৰূপ৷ পূর্বৰ – ‘ন’–টোৰ অনুনাসিক ধ্বনিটো এতিয়া চন্দ্রবিন্দুটোৱে বহন কৰিছে৷ সেইটো ‘গায়েব্’ কৰাৰ অধিকাৰ কাক কোনে দিলে? যিসকল লোকে কাকতৰ পাত আৰু বাকচৰ পর্দাৰ যোগে নিতৌ ভুল বাক্য গাঁথনি, ভুল বানান আৰু ভুল উচ্চাৰণ পৰিৱেশন কৰি ভাষাটোৰ সর্বনাশ কৰি আছে, সেইসকলে উপলব্ধি কৰা যুগুত যে সেইসকলে নিতৌ হাজাৰ–বিজাৰ সর্বসাধাৰণ পাঠক আৰু শ্রোতা–দর্শকৰ উপৰি, উঠি অহা লাখ লাখ কিশোৰ–কিশোৰী, যুৱক–যুৱতী, ছাত্র–ছাত্রীৰ মূৰবোৰ কৰচ্ কৰচ্কৈ চোবাই আছে৷

‘আতংক নহ’ব’
এগৰাকী অভিনেত্রীয়ে বাকচৰ পর্দাত ‘কৰুণা (?) ভাইৰাছ’ৰ কথাৰে ৰাইজক কৰযোৰে মিনতি কৰি নিতৌ কাতৰ আৱেদন জনাব লাগিছে – ‘গতিকে ৰাইজ, আতংক নহ’ব’ ‘আতংক নহ’ব’, নে, – ‘আতংকিত নহ’ব’? ‘আতংক’–টো বিশেষ্যহে ‘আতংকিত’–টোহে বিশেষণ অৱশ্যে যদিহে ৰাইজৰ মাজৰ কোনো লোক ‘কৰুণা’ৰ দ্বাৰা আক্রান্ত হৈ নিজেই আনৰ বাবে ‘আতংক’ হৈ পৰাৰ কথা বুজোৱা হৈছে, তেনে হ’লে কথাটো সুকীয়া৷ ছাহিত্য ছভা, এটে’ন্শ্ন্৷

You might also like