নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোভিড-১৯ ৰ বিশেষ পৰীক্ষণ, চিৰাঙত নিশ্চয়তাৰ অধীনত প্ৰতিদিনে নমুনা সংগ্ৰহ

নিয়মীয়া বাৰ্তা, ২৪ জুন: ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ৰোনাৰ অধিক পৰীক্ষণৰ বাবে ১৭ৰ পৰা ২৭ জুনলৈ লোৱা বিশেষ অসম লক্ষ্য প্ৰনোদিত নিৰীক্ষণ কাৰ্যসূচী (ATSP-ASSAM Targeted Surveillance Programme) বা “নিশ্চয়তা”ৰ অধীনত ৰাজ্যব্যাপি ৫০ হাজাৰ ব্যক্তিৰ পৰীক্ষণ আঁচনিত চিৰাং জিলাতো যোৱা ১৮ জুনৰ পৰা নিৰ্দেশনা অনুসৰি স্বাস্থ্য বিভাগে কাৰ্য সম্পাদন অব্যাহত ৰাখিছে ।

চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ তত্ত্বাৱধনাত আৰু জিলা স্বাস্থ্য বিভাগৰ অধীনত জিলা খনৰ ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন পেট্ৰ’ল পাম্প, ধাবা, হোটেল,অতিথিশালা, জিলা পৰ্যায়ৰ সকলো কাৰ্যালয়, জিলা অসামৰিক চিকিৎসালয়, আৰক্ষী নিৱেশ সহ বিজনী মহকুমা পৰ্যায়ৰ কাৰ্যালয় আৰু ৩১ নম্বৰ ৰাষ্ট্ৰীয় পথৰ বিজনী (দহলাপাৰা) টোল প্লাজা অন্তৰ্ভুক্তিৰে পৰীক্ষণ (নমুনা সংগ্ৰহ) অভিযান অব্যাহত ৰাখিছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে ।।

You might also like