নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গালৱানত এলএচিৰ দুয়োপাৰে ব্যাপক নির্মাণকার্য চীনৰ; সংঘর্ষস্থলীত নতুনকৈ সাজিলে গৃহ

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ লাডাখত চীনে আগ্রাসী মনোভাবেৰে সীমান্তৰ পৰিস্থিতি অশান্ত কৰি তোলাৰ ৰণকৌশলৰ পৰা এতিয়াও পিছহুঁহকি যোৱা নাই৷ সীমান্তলৈ পুনৰ স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ কথা ক’লেও কার্যক্ষেত্রত সম্পূর্ণ বিপৰীত স্থিতি গ্রহণ কৰিছে বেইজিঙে৷

সোমবাৰে ভাৰত আৰু চীনৰ সেনা বিষয়া পর্যায়ৰ বৈঠকত গালৱান উপত্যকাৰ লগতে লাডাখৰ সীমান্তলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে সহমতত উপনীত হোৱাৰ দুদিনৰ ভিতৰতে বেইজিঙৰ কূটকৌশল পুনৰ পোহৰলৈ আহিছে৷ ভাৰতৰ ওপৰত দুইতৰপীয়া আক্রমণ চলাই চীনৰ প্রতিৰক্ষা আৰু বিদেশ মন্ত্রালয়ে ১৫ জুনৰ সংঘর্ষৰ বাবে সম্পূর্ণৰূপে ভাৰতীয় সেনাক দোষাৰোপ কৰাৰ বিপৰীতে এল এ চিত শান্তিৰ স্বার্থত সেনা প্রত্যাহাৰৰ সলনি পিপলছ লিবাৰেচন আর্মীয়ে সেনা সঞ্চালন বৃদ্ধিহে কৰিছে৷ আনকি ১৫ জুনৰ সংঘর্ষস্থলীতে নতুনকৈ নির্মাণকার্য আৰম্ভ কৰিছে চীনা সৈন্যই৷ গালৱান উপত্যকাৰ উক্ত অঞ্চলটোত চীনা সেনাৰ উপস্থিতিও ব্যাপক হাৰত বৃদ্ধি পাইছে৷ উপগ্রহ চিত্রত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য৷ মার্কিন মহাকাশ প্রযুক্তি প্রতিষ্ঠান মাক্সাৰে প্রকাশ কৰা উপগ্রহ চিত্রত স্পষ্ট হৈছে যে সীমান্তৰ সিপাৰে পি এল এই ব্যাপক হাৰত সেনাৰ সমাৱেশ ঘটাইছে৷ কেৱল সেয়ে নহয়, এল এ চিৰ দুয়োপাৰে চীনা সেনাই চলোৱা নির্মাণকার্য উপগ্রহ চিত্রত স্পষ্ট হৈ পৰিছে৷ ১৫ জুনৰ ৰক্তাক্ত সংঘর্ষ হোৱা পেট্র’ল পইণ্ট ১৪ত চীনা সৈন্যৰ আগ্রাসন স্পষ্ট হৈ পৰিছে মাক্সাৰে প্রেৰণ কৰা ছেটেলাইট ইমেজত৷ উক্ত স্থানতে গালৱান নদীৰ ওপৰত চীনা সৈন্যই এটা কালভার্টৰ নির্মাণ সম্পূর্ণ কৰিছে৷

    স্মর্তব্য, উক্ত স্থানৰ কাষতে বুলডজাৰেৰে চীনে গালৱান নদীৰ পানীৰ স্রোত বন্ধ কৰাৰ চেষ্টা কৰিছিল৷ আনহাতে, এল এ চি পর্যন্ত এটা ৰাস্তাও যোৱা কেইদিনমানৰ ভিতৰতে চীনে বহল কৰিছে৷ সোমবাৰে চুছুলৰ সমীপৰ মল্ডোত অনুষ্ঠিত লেফটেনেণ্ট জেনেৰেল পর্যায়ৰ বৈঠকত দুয়োপক্ষই উত্তপ্ত আলোচনাৰ পাছত সেনা প্রত্যাহাৰৰ প্রক্রিয়া আৰম্ভ কৰাৰ বাবে সন্মত হৈছিল৷ কিন্তু ইয়াৰ দুদিনৰ ভিতৰতে চীনৰ মিথ্যাচাৰ পোহৰলৈ আহিল৷ উপগ্রহ চিত্রত স্পষ্টভাৱে ধৰা পৰিছে যে ১৫ জুনৰ সংঘাতস্থলীত চীনা সৈন্যই কেইবাটাও গৃহ নির্মাণ কৰিছে৷ বিশালসংখ্যক চীনা সৈন্য উক্ত স্থানত উপস্থিত আছে৷ এক কথাত ক’বলৈ গ’লে দুয়োপক্ষৰ অর্ধশতাধিক জোৱানৰ মৃত্যু হোৱা সংঘর্ষৰ পাছতো চীনে আগ্রাসী মনোভাব সলনি কৰাৰ কথা এক মুহূর্তৰ বাবেও চিন্তা কৰা নাই৷ অৱশ্যে উক্ত উপগ্রহ চিত্র সন্দর্ভত এইপর্যন্ত নতুন দিল্লীয়ে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷

ইপিনে, সীমান্তত ওভতগোৰে নচা চীনে সীমান্তৰ অশান্তিজনক পৰিস্থিতিৰ বাবে আজি পুনৰ ভাৰতকহে ওলোটাই দোষাৰোপ কৰে৷ বিদেশ আৰু প্রতিৰক্ষা মন্ত্রালয়ে উভয়েই ভাৰতক উক্ত ঘটনাৰ বাবে সম্পূর্ণৰূপে জগৰীয়া কৰি বিবৃতি দিছে৷ লেফটেনেণ্ট জেনেৰেল পর্যায়ৰ বৈঠকত এল এ চিত শান্তি স্থাপনৰ ওপৰত গুৰুত্ব দিয়াৰ বিপৰীতে চীনে এনেদৰে পুনৰ অস্থিৰতাহে বৃদ্ধি কৰাৰ ষড়যন্ত্র কৰিছে৷ চীনৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র ঝাও লিজিয়ানে অভিযোগ কৰে যে ৬ জুনত দুয়োপক্ষৰ সেনা বিষয়া পর্যায়ৰ বৈঠকত হোৱা বুজাবুজিৰ বিপৰীতে ১৫ জুনৰ দিনা ভাৰতীয় সৈন্যই চীনৰ ভূখণ্ডত প্রৱেশ কৰি এটা তম্বু জ্বলাই দিয়াৰ বাবেই চীনা সেনাই হস্তক্ষেপ কৰিব লগা হৈছিল৷ কিন্তু ওলোটাই ভাৰতীয় সেনাই আক্রমণাত্মক আচৰণ কৰে আৰু ইয়াৰ ফলতে পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ আনহাতে, একেদিনাই প্রতিৰক্ষা মন্ত্রালয়ৰ মুখপাত্র উ কিয়ানেও অভিযোগ কৰে যে ভাৰতীয় সৈন্যই ১৫ জুনত অপ্রৰোচিতভাৱে চীনা ভূখণ্ডত প্রৱেশ কৰি এটা তম্বু লণ্ডভণ্ড কৰিছিল৷ অৱশ্যে ইয়াৰ পূর্বেও চীনে অনুৰূপ অভিযোগ কৰিছিল আৰু ভাৰতেও চীনা ভাষ্য নস্যাৎ কৰিছিল৷

You might also like