ডিজিটেল ডেস্ক, ৯ জুন : প্রশ্ণকাকত ফাদিলক লৈ দেশজুৰি সৃষ্টি হোৱা তীব্র বিতর্কৰ মাজতে এইবাৰ নীট পৰীক্ষাৰ স্বচ্ছতা ঘূৰাই আনিবলৈ কঠোৰ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ ২১ জুনত অনুষ্ঠিত হ’বলগীয়া নীটৰ পুনৰ পৰীক্ষাত কোনোধৰণৰ খেলিমেলি বা জালিয়াতি যাতে হ’ব নোৱাৰে, তাৰ বাবে নেচনেল টেষ্টিং এজেঞ্চী (এনটিএ)–এ প্রশ্ণকাকত প্রস্তুতকর্তাসকলক একপ্রকাৰ গোপন কক্ষত চক্রবেহুৰ দৰে বন্দী কৰাৰ সিদ্ধান্ত লৈছে৷
জানিব পৰা মতে, ২১ জুনৰ পৰীক্ষালৈকে প্রশ্ণকাকত প্রস্তুত কৰা সমগ্র দলটোক কঠোৰ নিৰাপত্তাৰ মাজত সম্পূর্ণ একাষৰীয়াকৈ ৰখা হ’ব৷ এই সময়ছোৱাত তেওঁলোকে কোনোধৰণৰ ইণ্টাৰনেট, ম’বাইল ফোন ব্যৱহাৰৰ লগতে বাহিৰৰ কোনো ব্যক্তিৰ সৈতে যোগাযোগ কৰিব নোৱাৰিব৷
উল্লেখ্য যে ২ মে’ত ২২ লাখ শিক্ষার্থীয়ে অৱতীর্ণ হোৱা নীট পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ তথ্য পোহৰলৈ অহাৰ পিছতে সমগ্র দেশত হাহাকাৰ লাগিছিল৷ ঘটনা সন্দর্ভত চিবিআয়ে তদন্ত কৰি ১৩জন অভিযুক্তক গ্রেপ্তাৰ কৰিছিল৷ ইয়াৰে অধিকাংশই অধ্যাপক আৰু এনটিএৰ সৈতে জড়িত ব্যক্তি৷ ইয়াৰ পিছতে ২১ জুনত পুনৰ নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় চৰকাৰে৷