ডিচেম্বৰত কোহলি বাহিনীৰ বিৰুদ্ধে খেলিবলৈ উদগ্রীৱ নাথান লিয়ন
ভাৰত–অষ্ট্রেলিয়াৰ শৃংখলাক এছেজৰে তুলনা
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ অষ্ট্রেলিয়াৰ তাৰকা অফ স্পিনাৰ নাথান লিয়নে ভাৰত–অষ্ট্রেলিয়াৰ টেষ্ট শৃংখলাত ঐতিহাসিক এছেজ শৃংখলাৰ সৈতে তুলনা কৰিছে৷ ডিচেম্বৰত ভাৰতৰ বিৰুদ্ধে বহু প্রত্যাশিত টেষ্ট শৃংখলা খেলিবলৈ আগ্রহেৰে অপেক্ষা কৰি থকা বুলি উল্লেখ কৰি ৩২ বছৰীয়া তাৰকাগৰাকীয়ে কয় যে ভাৰত অত্যন্ত শক্তিশালী দল৷ বেটিঙৰ লগতে বলিঙতো দলটো যথেষ্ট ভাৰসাম্য হৈ উঠিছে৷
তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিয়াটো সকলো সময়তে প্রত্যাহ্বানজনক৷ ‘আগন্তুক ছিজন আমাৰ বাবে ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰিছোঁ৷ ভাৰতৰ দলে শক্তিশালী দলৰ বিৰুদ্ধে টেষ্ট খেলাৰ আমেজেই সুকীয়া৷ এছেজ শৃংখলা আমাৰ বাবে যিদৰে গুৰুত্বপূর্ণ, ঠিক একেদৰে ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাও অষ্ট্রেলিয়াৰ বাবে একেই গুৰুত্বপূর্ণ৷’ –নাথান লিয়নে এইদৰে কয়৷
মন কৰিবলগীয়া যে অষ্ট্রেলিয়াৰ হৈ ৯৬খন টেষ্ট খেলা অফ স্পিনাৰগৰাকীয়ে এতিয়ালৈকে ৩৯০টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে ২০১৮–১৯ত ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বিশেষ সফল হোৱা নাছিল জ্যেষ্ঠ স্পিনাৰগৰাকী৷ উক্ত শৃংখলাটো ভাৰতে ২–১ৰ ব্যৱধানত জয় কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছিল৷