নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫০০০ কোটিৰ পশুপালন আন্তঃগাঁথনি উন্নয়নৰ পুঁজি, কেন্দ্রীয় কেবিনেটত সিদ্ধান্ত

ৰিজার্ভ বেংকৰ পৰিদর্শনৰ আওতাত ১৫৪০টা সমবায় বেংক

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ আত্মনির্ভৰ ভাৰত অভিযান শীর্ষক প্রোৎসাহন পেকেজৰ সৈতে সংগতি ৰাখি আজি কেন্দ্রীয় কেবিনেটে ১৫০০০ কোটি টকাৰ পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজি গঠনত অনুমোদন জনায়৷ দুগ্ধ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে সমবায় খণ্ডৰ দ্বাৰা উদ্বুদ্ধকাৰী বিনিয়োগৰ অর্থে চৰকাৰে পূর্বে ১০,০০০ কোটি টকাৰ দুগ্ধ আন্তঃগাঁথনি উন্নয়ন পুঁজিত অনুমোদন জনাইছিল৷

তদুপৰি, পশুপালন খণ্ডটোত সংসাধন আৰু মূল্য সংযোজিত আন্তঃগাঁথনিত এমএছএমই আৰু ব্যক্তিগত কোম্পানীসমূহৰ অংশগ্রহণৰ অর্থে প্রচাৰ আৰু প্রোৎসাহনতো গুৰুত্ব প্রদান কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেবিনেট কমিটীয়ে৷ ইপিনে, দুগ্ধ, মাংস সংসাধন আৰু পশু খাদ্য তৃণত প্রোৎসাহিত আন্তঃগাঁথনি বিনিয়োগত অনুমোদন জনোৱা হৈছে৷

এই আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলৰ ভিতৰত থাকিব কৃষক উৎপাদক সংস্থা (এফপি’), এমএছএমই, দফা ৮ৰ অধীনস্থ কোম্পানী, ব্যক্তিগত কোম্পানী আৰু ব্যক্তিগত উদ্যোগীসকল৷ তেওঁলোকে মাত্র ১০ শতাংশ প্রান্তিক ধন আগবঢ়ায়েই ইয়াৰ সৈতে জড়িত হ’ব পাৰিব৷ বাকী ৯০ শতাংশ বেংক ঋণৰ দ্বাৰা উপলব্ধ কৰোৱা হ’ব৷

ভাৰত চৰকাৰে আকাংক্ষিত জিলাসমূহৰ যোগ্য হিতাধিকাৰীসকলক ৪ শতাংশ সুদ অর্থ সাহায্য আগবঢ়াব৷ একেদৰে, আন জিলাসমূহৰ হিতাধিকাৰীৰ কাৰণে এই হাৰ হ’ব ৩ শতাংশ৷ কেন্দ্রীয় কেবিনেটে আন এক সিদ্ধান্ত মর্মে ১৫৪০টা সমবায় বেংক ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ পৰিদর্শনৰ অন্তর্গত কৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷

কেবিনেট বৈঠকৰ পিছত কেন্দ্রীয় মন্ত্রী প্রকাশ জাভাড়েকাৰে এই তথ্য সদৰী কৰে৷ ইয়াৰ ফলত কো–পাৰেটিভ বেংকসমূহত ধন জমা ৰখা ৮.৬ কোটি জমাকাৰীৰ ধন নিৰাপদ হৈ থাকিব৷ এই আঁচনি ২০২০ চনৰ ১ জুনৰ পৰা ২০২১ চনৰ ৩১ মে’লৈ প্রযোজ্য হৈ থাকিব৷

You might also like