নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান বকুলনিত উচ্চক্ষমতাসম্পন্ন বৈদ‍্যুতিক তাঁৰত লাগি থিতাতে মৃত্যু মহিলা

নিয়মীয়া বাৰ্তা, ২৫ জুন : এফালে অঞ্চলটো কৃত্ৰিম বানপানীত ককবকাই থকাৰ সময়তে আজি দুলীয়াজানৰ কাষৰীয়া বকুলনিৰ এগৰাকী মহিলা উচ্চক্ষমতাসম্পন্ন বৈদ‍্যুতিক তাঁৰত লাগি মৃত্যু হয় ।

মহিলাগৰাকী বকুলনি পঞ্চায়তৰ ২ নং ৰঙাজান গাঁৱৰ পটি লাইনৰ শান্তি দেৱী চৌহান (৪৫) বুলি জানিব পৰা গৈছে ।

নিজৰ ঘৰৰ বাৰীত কাম কৰি থকা অৱস্হাত হঠাৎ বৈদ্যুতিক তাঁৰ ছিগি মহিলাগৰাকীৰ গাত পৰাত এই দূৰ্ঘটনাটো হোৱা বুলি জানিব পৰা গৈছে । পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মহিলাগৰাকীৰ মৃতদহটো ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

You might also like