নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞানত দশম স্থানেৰে অটোচালক পিতৃক গর্বিত কৰিলে হাজোৰ ইফতিকাৰে

নিয়মীয়া বাৰ্তা, ২৬ জুন: প্রবল ইচ্ছা শক্তি থাকিলে পৰীক্ষাত সুনাম অনাত দৰিদ্রতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ এই কথাখিনি পুনৰপ্রমাণ কৰিলে ‘তীর্থ নগৰী’ হাজোৰ দেহৰকুৰিহাৰ অটোচালক ইছলামুদ্দিন আহমেদ আৰু মঞ্জুৱাৰা বেগমৰ পুত্র ইফতিকাৰ আহমেদে৷ অতি দৰিদ্র পৰিয়ালৰ সন্তান ইফতিকাৰ আহমেদে বৃহস্পতিবাৰে ফলাফল ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত নগাঁও ৰামানুজন জুনিয়ৰ কলেজৰ পৰা দশম স্থান দখল কৰি শিক্ষানুষ্ঠানখনৰ লগতে তীর্থনগৰী হাজোলৈ গৌৰৱ কঢ়িয়াই আনে৷

 পিতৃয়ে অটো চলোৱাৰ লগতে কেতিয়াবা দিন হাজিৰা কৰি সন্তানক মানুহ কৰাৰ সপোন দেখা পৰিয়ালটোৰ বাবে আজি যেন সপোনে বাস্তৱ ৰূপ পালে৷ ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ প্রত্যাশা ব্যক্ত কৰা ইফতিকাৰে পৰীক্ষাৰ বাবে নিতৌ ৮–৯ ঘণ্টাকৈ পঢ়িছিল বুলি জনাইছে৷ তেওঁৰ এই সফলতাৰ বাবে তেওঁৰ পিতৃ–মাতৃ আৰু নগাঁও জুনিয়ৰ কলেজৰ দিলীপ কুমাৰ বৰুৱাসহ অন্যান্য অধ্যাপক–অধ্যাপিকাসকলক কৃতিত্ব দিয়ে৷ তেওঁ অসমীয়াত ৯৭, ৰসায়ন বিজ্ঞানত ৯৪, পদার্থ বিজ্ঞানত ৯৭, গণিতত ৯৪, ইংৰাজীত ৯১, জীৱ বিজ্ঞানত ৮৯ মুঠ নম্বৰ ৪৭৩ তথা ৯৪.৬ শতাংশ লাভ কৰে৷ ইফতিকাৰৰ প্রিয় শিল্পী জুবিন গার্গ৷ জুবিনৰ মহানুভৱতাই ইফটিকাৰক বাৰুকৈয়ে আকর্ষিত কৰে৷ আজৰি পৰত জুবিনৰ গীত শুনি ভালপোৱা ইফতিকাৰে জুবিনৰ গীতৰ মাজতেই বিচাৰি পায় জীৱন যুঁজৰ সমল৷ দৰিদ্রতাই কোঙা কৰা ইফতিকাৰৰ মনলৈ হতাশা–দুশ্চিন্তা আহিলেই জুবিনৰ গীত শুনি পুনৰ মন সতেজ কৰে আৰু দুগুণ উৎসাহেৰে পঢ়া টেবুলত বহে বুলি জনাইছে৷ তদুপৰি তেওঁ আজৰি পৰত ড০ হীৰেণ গোহঁাইৰ গ্রন্থ, আব্দুল মালিকৰ উপন্যাস পঢ়াৰ লগতে ছবি আঁকিও ভাল পায়৷

  উল্লেখ্য যে ইফতিকাৰ আহমেদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শনিয়াদি জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ পৰা ডিষ্টিংচন লাভ কৰিছিল৷ ইফালে, প্রজ্ঞাৰ সাধনাৰে উজলি উঠা কীর্তিমান ইফতিকাৰ আহমেদৰ সফলতাক লৈ আজি তীর্থ নগৰী হাজোৰ শনিয়াদি–দেহৰকুৰি অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ দশম স্থানপ্রাপক ইফতিকাৰ আহমেদৰ ঘৰলৈ বিজেপিৰ যুৱ নেতা ৰাতুল শর্মা, কংগ্রেছী নেতা দুলু আহমেদ, প্রদেশ কংগ্রেছৰ মুখপাত্র দিলীপ শর্মা,বাপুকন আলী, সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সম্পাদক প্রকাশ চন্দ্র দাস, হাজো ‘আছু’ৰ সভাপতি নৱজ্যোতি দাস, সম্পাদক তপন দাস, কামৰূপ ‘আছু’ৰ সভাপতি দিবাকৰ কলিতা, সহকাৰী সম্পাদক ইমদাদুৰ ৰহমানকে ধৰি বিভিন্ন ব্যক্তি, দল–সংগঠনে কৃতী ছাত্রজনৰ লগতে তেওঁৰ পিতৃ–মাতৃক ফুলাম গামোচা, ফুলৰ থোপা আৰু জাপিৰে বিপুলভাৱে অভিনন্দন জনায়৷

You might also like